সমললৈ যাওক

পৃষ্ঠা:জ্যোতিৰ্ধাৰা.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নিবেদন

 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ চিনাকি আজি আৰু নকৈ দিবৰ সকাম নাই। অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ বাবে দি থৈ যোৱা তেখেতৰ অমূল্য অৰিহণাৰাশিয়ে সদায় অসমবাসীক চিৰকৃতজ্ঞ কৰি ৰাখিছে ।

 ১৯৫৮ চনতে স্থাপিত হোৱা জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থাই ৰূপকোঁৱৰৰ জপ্রকাশিত পুথি সমূহ আৰু ৰচনাৱলী প্ৰকাশৰ মানসেৰে ১৯৬০ চনত তেওঁৰ অপম নাট ৰূপালীম্‌ ৰাইজলৈ আগবঢ়ালে। ৰূপালীমেই আমাৰ সন্থাৰ প্ৰথম অৰ্ঘ্য। তাৰ পিছতেই এই বাৰ বিভিন্ন সভা-সমিতিত দিয়া তেখেতৰ অমূল্য ভাষণসমূহ আৰু প্ৰকাশিত, অপ্ৰকাশিত বিভিন্ন প্রবন্ধাৱলীৰে সমৃদ্ধ “জ্যোতিৰ্ধাৰ৷” ৰাইজলৈ আগবঢ়াবলৈ পাই আমি আনন্দিত হৈছো । জ্যোতিধাৰা জ্যোতি-গ্রন্থমালাৰ পঞ্চম গ্ৰন্থ আৰু আমাৰ সন্থাই আগবঢ়োৱা দ্বিতীয় অর্ঘ্য। জ্যোতিধাৰা সম্পাদনা কৰিছে আমাৰ সন্থাৰ অন্যতম সদস্য অধ্যাপক শ্ৰীযুত অতুল হাজৰিকাই । এই গ্ৰন্থৰ বিষয়ে পাতনিত তেখেতেই বিবৰি কৈছে ।

 পুথিখনি পোহৰলৈ উলিয়াবৰ বাবে আর্থিক সাহায্য দান কৰিছে ৰাজ্যিক প্ৰকাশন পৰিষদে। সেই বাবে অধ্যাপক হাজৰিকা আৰু প্ৰকাশন পৰিষদৰ গুৰিয়ালসকললৈ আমাৰ সন্থাৰ পক্ষৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলো।

 নানা আলৈ-আহুকালৰ বাবে সন্থাৰ কাম আশানুৰূপভাৱে আগবাঢ়িব পৰা নাই। সেই বাবে আমি দুঃখিত আৰু ৰাইজৰ ওচৰত ক্ষমাপ্রার্থী । এনেবোৰ কামত ৰাইজৰ আগ্ৰহ, সহায়-সহযোগেই হৈছে আচল কথা। তাকেই পাবলৈ কামনা কৰি ৰূপকোঁৱৰৰ আপুৰুগীয়া সৃষ্টি গীত, গল্প আৰু কবিতাসমূহ সোনকালে ৰাইজৰ আগত দাঙি ধৰিবলৈ ভাৰসা ৰাখিলোঁ । ইতি

তেজপুৰ
২৮।৮।৬১
শ্রীকমলাপ্ৰসাদ আগৰৱালা —সভাপতি
শ্ৰীপদ্মা আগৰৱালা — সম্পাদিকা
জ্যোতিপ্ৰসাদ সোঁৱৰণী সন্থাৰ হৈ