সমললৈ যাওক

পৃষ্ঠা:জ্যোতিৰ্ধাৰা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
জ্যোতিৰ্ধাৰা

সংস্কৃতি প্ৰতিফলিত হোৱা বস্তু সংস্কৃতি দুয়োটাকে সমানে ধৰিব লাগিব। কাৰণ এটাক ধৰিলে মানুহৰ জীৱনৰ প্ৰকাশ সম্পূৰ্ণ হব নোৱাৰে। কেৱল অন্তৰ সংস্কৃতি ধৰি সন্ন্যাসী হৈ হিমালয়ত ঘুৰি ফুৰিলে শান্তি পাব পাৰি কিন্তু মানুহক যি বাস্তৱিক সৃষ্টিৰ বাবে এই পৃথিৱীত প্ৰকৃতিয়ে সৃষ্টি কৰিছে সেই মানুহৰ মনটোৰ বাস্তৱিক সৌন্দৰ্য্যৰ সৃষ্টিৰ প্ৰকাশ এনেয়ে থাকি যাব। আকৌ অকল কেৱল মনৰ বুদ্ধিমত্তাকে লৈ হৃদিক সংস্কৃতি বাদ দিলে দুষ্কৃতিয়ে চল পাই উঠি বল কৰে। কাৰণ কেৱল বুদ্ধিমত্তাৰে যুক্তিৰ সহায়েৰেই সংস্কৃতি দুষ্কৃতিৰ স্বৰূপ চিনিব যে পাৰি এই বিষয়ে মোৰ সন্দেহ আছে। বস্তু সংস্কৃতিত ধৰিলে তেতিয়া হলেই ইখনৰ পিছত সিখন যুদ্ধ পৃথিৱীত চলি থাকি মানুহক তাৰ সকলো মানসিক উৎকৰ্ষ থকা সত্ত্বেও পশু কৰিয়েই ৰাখিব। সেই কাৰণেই সংস্কৃতিৰ পূৰ্ণৰূপ দিব লাগিব আজি মানুহে — তাৰ শিল্পী ৰূপৰ পূৰ্ণ উপলব্ধি কৰি আজি অসমৰ শিল্পীয়ে প্ৰথমতে দূৰলৈ নগৈ ঘৰতেই এনে সংস্কৃতিৰ পূৰ্ণ ৰূপ দিওঁত৷ বা দিবলৈ চেষ্টা কৰোতা আৰু যি ঐতিহাৰ আদৰ্শক মানৱ সংস্কৃতিৰ পূৰ্ণ ৰূপ বুলি আমাক কৈ থৈ গৈছে আৰু নিজৰ জীৱনকেই সেই আদৰ্শৰ বাস্তৱিক উদাহৰণ স্বৰূপে দেখুৱাই যাবলৈ চেষ্টা কৰি গৈছে—নিজৰ সকলো মনীষা প্ৰতিভা নিয়োজিত কৰি — সেই জনা অসমীয়া সংস্কৃতিৰ মন্ত্ৰ দিওঁতা, কণ দিওঁতা আমাৰ চিৰনমস্য সংস্কৃতিস্ৰষ্টা . শ্ৰীমন্ত শঙ্কৰদেৱক আমি বুজিবলৈ, তেওঁৰ জীৱনৰ অৰ্থ উলিয়াবলৈ, তেওঁৰ বাণী উপলব্ধি কৰিবলৈ চাব লাগিব। প্ৰগতিৰ বৰভেটি হৈছে ঐতিহাৰ সত্য। আজি আমাৰ সাংস্কৃতিক প্ৰগতি আমাৰ অসমীয়াৰ, ভাৰতীয়ৰ ঐতিহাৰ সত্যৰ ওপৰত অৱশ্যেই প্ৰতিষ্ঠিত হবই লাগিব। আজি আমি বিশ্বপ্ৰগতিৰ জোনাকী বাটত লগ পোৱা, গণতন্ত্ৰই হক, সমাজতন্ত্ৰই হওক, সাম্যতন্ত্ৰই হওক, যিহকেই আমি অভাৰতীয় মনীষা প্ৰতিভাৰ মনৰ পৰা আনিব খোজোঁ— তাকেই আনি কিন্তু আমাৰ দেশত প্ৰতিষ্ঠা কৰিব লাগিব আমাৰ ঐতিহ্যৰ