বাট নেথাকিব। সেই কাৰণেই মানুহৰ জীৱনত সংস্কৃতি আছে দেখিয়েই আৰু মানুহ স্বভাৱতেই সংস্কৃতি গঢ়া শিল্পী দেখিয়েই আজিৰ মানুহ মানুহ। সজ্ঞানে বা অজ্ঞানে মানুহ শিল্পী দেখিয়েই মানুহ। তথাপিও এতিয়াও মানুহ পূৰ্ণমানুহ হব পৰা নাই কাৰণ সি তাৰ শিল্পীৰূপ উপলব্ধি কৰিব পৰা নাই। সি তাৰ শিল্পীৰূপ উপলব্ধি কৰিলেই তাৰ জীৱন যে অপৰচ্ছিন্ন তাক বুজি সি সংস্কৃতিকে৷ জীৱনৰ প্ৰত্যেক কথাতেই প্ৰয়োগ কৰি তাক স্থায়ী কৰাৰ উপায় বিচাৰিব।
তাৰেই চেষ্টা চলিছে—হেজাৰ হেজাৰ বছৰ ধৰি উত্থান-পতনৰ মাজেদি। কিন্তু আজিও আমাৰ শিল্পীৰূপে পূৰ্ণ প্ৰকাশ পাব পৰা নাই, সংস্কৃতিৰ সম্পূৰ্ণ বিকাশ চোৱা নাই। মানুহে মনৰ উৎকৰ্ষ সাধন কৰি যিবোৰ জীৱনধাৰণৰ বাবে আৰু জীৱনত আনন্দ পাবৰ কাৰণে, খোৱামেলা থকাৰ পিন্ধাৰ বাবে আৰু সৌন্দৰ্য্য-পিয়াহ পলুৱাবলৈ বস্তু সৃষ্টি কৰিছে--শিল্পপ্ৰচেষ্টা, কলাপ্ৰচেষ্টা আৰু সুকুমাৰ কলাপ্ৰচেষ্টাৰ যোগেদি। তাৰ উপৰিও মানুহে তাৰ স্বভাৱতে পোৱা মনটোৰো এটা সাংস্কৃতিক ৰূপ দিবলৈ বিচাৰিও আজি হেজাৰ হেজাৰ বছৰ ধৰি চেষ্টা কৰি আহিছে। মানৱ সংস্কৃতিৰ সম্পূৰ্ণ ৰূপৰ আধাখিনি ওলায় বাহিৰৰ বাস্তৱিক আৰু অবাস্তৱিক সাংস্কৃতিক সম্পদত- যেনে সুকুমাৰ কলা। সুকুমাৰ কলাৰ ভিতৰত কৱিতা, সঙ্গীত। কোনো বস্তুৰ আলম নোলোৱাকৈ হোৱা দেখিলেও কৰিত। মানুহৰ কণ্ঠৰ শব্দৰ যোগেদি বা লিখা আখৰৰ যোগেদিহে ভাষাৰ মাজেদি প্ৰকাশ পাই মানুহৰ ইন্দ্ৰিয়- গ্ৰাহ্য হয়। সঙ্গীতে৷ সেইদৰে কণ্ঠৰ পৰা ওলোৱা শব্দ বা যন্ত্ৰৰ পৰা ওলোৱা শব্দ বা আনভাৱে আহত হোৱা শব্দৰ পৰা হৈ এক ৰকমে বস্তুৰ যোগেদিহে প্ৰকাশিত হব পাৰে। আলেখা, ভাস্কৰ্য্য সি মনৰেই প্ৰতিবিম্ব আৰু স্থাপত্য তেনেই বাস্তৱিকেই যাৱতীয় জীৱন ধাৰণৰ, জীৱনৰ আন প্ৰকাৰ সকলো সজুলিয়েই, সম্পদেই বাস্তৱৰ বুকুত মনৰ সৃষ্টি। মানুহৰ মনটো মানুহৰ হাতৰ আঙুলিৰেদিহে যেনিবা বৈ ওলাই গৈ বেলেগ বেলেগ হাথিয়াৰ আৰু হাথিয়াৰৰূপী যন্ত্ৰৰ