সমললৈ যাওক

পৃষ্ঠা:জ্যোতিৰ্ধাৰা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জ্যোতিৰ্ধাৰা

শুনে, নীল আকাশত মনটো উৰি ফুৰে, তেতিয়াহে তাৰ সোৱাদ ফলমূল খাই পোৱা তৃপ্তিৰ পূৰ্ণ তৃপ্তি হয়। এই যে মানুহৰ খাই বৈ তৃপ্তি পোৱাৰ পিছতো জীৱনৰ আনন্দ পূৰ্ণ কৰিবলৈ মধুৰ দৰ্শন, মধুৰ শ্ৰৱণ তাক লাগে—এই যে পেটৰ ভোক-পিয়াহৰ দৰেই তাৰ এই স্বাভাৱিক সৌন্দৰ্য্যমুগ্ধতা- সৌন্দৰ্য্যৰ বাবে হেপাহ- এই হেপাহতেই আছিল সংস্কৃতিৰ নীহাৰিকাৰ ৰূপ। এই হেপাহৰ বাবেই মানুহ পশুতকৈ হল বেলেগ। এনেয়ে মানুহে পশুৱে এক। কৃষ্টিয়ে- সংস্কৃতিযে তাক কৰিলে বেলেগ। সেই কাৰণেই আদিম সৃষ্টিতেই জনম পাই চকুত ওপজোতেই সৌন্দৰ্য্যৰ কাজল পিন্ধি অহা মানুহটো শিল্পী। সি শিল্পী হৈয়েই কাম কৰিছে। তাৰ জীৱনত অকল সৌন্দৰ্যৰ বিলাস আন কি সি জীৱন ধাৰণ কৰিবলৈ সৃষ্টি কৰা লাগতিয়াল সামগ্ৰীতো সৌন্দৰ্য্য প্ৰযোগ কৰিছে। খোৱা-বোৱা, পিন্ধা-উৰা, থাকা- মেলাত, কেৱল তাক আৱশ্যকতাৰ ফালৰ পৰা সৃষ্টি কৰাৰ লগে লগে দেখিবলৈকো সি ভাল কৰি লৈছে। খোৱা লাৰুটো অকল খাবলৈ ভাল হলেই নহব। তাৰ গঢ়টো দেখিবলৈ ভাল হব লাগিব, তাৰ বৰণটো হব লাগিব মনত আনন্দ দিয়া, তাৰ গোন্ধটোও মন আমোলোৱা হব লাগিব। ঘৰটো কেৱল ৰ'দ-বৰষুণৰ পৰা আশ্ৰয় দিয়া হলেই নহব, সি হব লাগিব মনমোহা। পিন্ধা কাপোৰে কেৱল লাজ গুচালেই নহব, জাৰ গুচালেই নহব, সি দেহৰ ৰৌপিক সৌন্দৰ্য্যৰ গৌৰৱ বঢ়াব লাগিব, জেউতি চৰাব লাগিব। মানুহৰ শৰীৰৰ সৌষ্ঠৱৰ সৈতে বস্ত্ৰ- সৌন্দয্য লগ খাই এটা নতুন ৰূপ ফুটাব লাগিব। মানুহে আৱশ্যকতাৰ সৈতে সৌন্দৰ্য্যক এনেকৈ একেলগে বিচাৰিছে যে মানুহৰ জীৱনৰ সৌন্দযাও অতি আৱশ্যকীয় জীৱন-প্ৰয়াস হৈ পৰিছে। মানুহৰ জীৱনত কেৱল আৱশ্যকতাক ৰাখি সৌন্দৰ্য্য প্ৰয়োগক যদি বাদ দিয়া যায় তেন্তে বোধকৰোঁ মানুহৰ জীৱনৰ সকলো মধুৰতা নাশ পাব। মানুহ মাত্ৰ এটা বুদ্ধিৱান পশুৰূপেহে পৃথিৱীত থাকিব। জিভাৰ সোৱাদ আৰু জননক্ৰিয়াৰ পুলকৰ বাহিৰে তাৰ আন একো জীৱনৰ আনন্দ পাবলৈ