কাৰখানা আৰু শিল্পী সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শনী। ইয়াকে শিল্পীয়ে আজি নিখিল পৃথিৱীৰ শিল্পীয়ে-- মানুহক উপলব্ধি কৰাব লাগিব। প্ৰতি জনৰ বুকুত এই শিল্পীটোক তাৰ পূৰ্ণ ৰূপত জ্বলাই জ্বলাই জগাই তুলিব লাগিব। আজি শিল্পীৰ সাধনা হব লাগিব মেয়েই। আৰু শিল্পীয়েই কলা-কুশলতাৰ নিপুণতাৰে চিত্ৰলেখাই ঊষাৰ সপোন দিঠকলৈ পৰিণত কৰাৰ দৰেই শিল্পীৰ আজি পুৱতিৰ অৰুণ দিঠকলৈ ৰূপান্তৰিত কৰিব লাগিব। আনন্দৰ বীণৰ ঝঙ্কাৰ সেই পৃথিৱীতে বাজি উঠিব। জগতৰ নিমাতী কইনা শাস্তিযে সেই দিনাহে পৃথিৱীত হাঁহিব যিদিনা বিশ্বজনতাই ৰূপকোঁৱৰ হৈ সাৰ পাই উঠি নিমাতীৰ কণ্ঠত অভিনৱ গান আৰু সুৰৰ বোধন কৰিব সেই কাৰণে পৃথিৱীৰ শিল্পীদলে আজি নিজৰ চাকিটোৰে জনতাৰ প্ৰত্যেক জনৰ অন্তৰৰ শিল্পীৰ চাকিটো জ্বলাই দি পৃথিৱীৰ জনতাকে সেই শিল্পীৰ পৃথিৱী গঢ়িবলৈ সমৱেত কৰোৱাই লব লাগিব। নতুন বিশ্ব গঢ়িবলৈ বিশ্ব-শিল্পীক জগাই তুলিব লাগিব।
শত যুগৰ কত চাকি
জ্বলাই আহিলি,
আপোনাৰ আনন্দতে নিজে হাঁহিলি,
নিজৰ তই চকুপানী নিজে মচিলি।
শিল্পী মোৰ মনৰে তই—
শিল্পী মোৰ প্ৰাণৰে তই—
শিল্পী মোৰ গানৰে
সুৰৰে
ছবিৰে
ৰূপৰে তই জুই জ্বলালি
নিত্য নতুন হবিৰে
চিনাকি তোৰ যুগ যুগৰে
ৰবিবে।