সমললৈ যাওক

পৃষ্ঠা:জ্যোতিৰ্ধাৰা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিল্পীৰ পৃথিৱী


 তেন্তে সপোন কালত দিঠক হৈ যায়। নৈ সাগৰলৈ যেনেকৈ বিয়াকুল হৈ দুৰ্নিবাৰ হৈ বৈ যায় সেই দৰে সপোন হাবাথুৰি খাই লৰি যায় দিঠকত ৰূপ লবলৈ। সপোনৰ জনমা সাৰ্থক হয় যেতিয়া সি ৰূপ পায় দিঠকত। এই পৃথিৱীখনো এদিন আছিল সপোন। সি নেদেখা ৰূপৰ পৰা লাহে লাহে আলোক-বাষ্পৰ ৰূপ লৈ নীহাৰিকা হৈ, তাৰ পিছত মাটি-পানীৰ ৰূপ লৈ ফুলে-পাতে, পশু-পতঙ্গে, চৰাই- চিৰিকটিৰে মানুহৰে, ফলে-শস্যে, সভ্যতাই-সংস্কৃতিয়ে সংঘাত-বিঘাতৰ দ্বন্দ্ব বুকুত লৈ সূৰ্য্য প্ৰদক্ষিণ কৰিব লাগিছে। ময়ো মানুহটো এদিন আছিলে। কাৰোবাৰ কল্পনাৰ খোঁটালীত। আছিলোঁ মই সপোন হৈ৷ আপোনালোকো আছিল সপোন হৈ৷ আজি আমি ৰূপান্তৰৰ মাজেদি আহি তেজ-মঙহত ৰূপ লৈ, এই পৃথিৱীত, এই চহৰৰ এই ৰভাৰ তলত বহি আকৌ সপোন দেখিছো আৰু এক মানুহৰ জীৱনৰ ৰূপান্তৰৰ। এই সপোনক দিঠকলৈ নিবলৈ বিচাৰিছে| নতুন উপায়। মানুহ আমি কোনোবা কালৰ সপোন দিঠক হৈ আকৌ ভৱিষ্যতৰ দিঠকৰ সপোন দেখিছোঁ। এই পৃথিৱীত আমি সপোনকে ই হাতে-কামে দিঠকত পৰিণত কৰিবলৈ মেলা পাতিছোঁ। এ যুগৰ সপোন এযুগৰ ধূলি-মাটিত ৰূপ লৈ জ্বলি উঠে। এযুগৰ দিঠক অতীতৰ পাহৰণিৰ খোঁটালীলৈ সপোন হৈ উৰা মাৰে। পৃথিৱীৰ জীৱনৰ নৱতম পৰিকল্পন৷ সপোন হৈ মানুহৰ মনত থিত লৈ তাৰ জ্ঞান, বুদ্ধি, মেধা, মনীষা, প্ৰতিভা আৰু কৰ্ম্মৰ মাজেদি ওলাই পৃথিৱীৰ বুকত ফুলি উঠি আকৌ নতুনৰ কাৰণে ঠাই উলিয়াই জহিখহি গুচি যায়। এইদৰেই পৃথিৱীৰ সপোন দিঠকলৈ ৰূপান্তৰিত হৈ যাব লাগিছে। আকাশৰ সপোন মাটিত নাসিছে। মাটিৰ সপোন দিঠক হৈ আকাশলৈ উৰা মাৰিছে। সপোন দিঠকৰ এই মনোময় খেলা। এই খেলাকে খেলিবলৈ আহিল মানুহ। মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী। সেইহে ম‍ই মানুহ---মই শিল্পী। আপোনালোক মানুহ- আপোনালোক প্ৰত্যেক জনেই শিল্পী। পৃথিৱীখন শিল্পীৰ ঘৰ, শিল্পীৰ