জ্যোতিৰ্ধাৰা
শিল্পীৰ পৃথিৱী
এই শিৱসাগৰত, মহামহীয়সী জয়মতীয়ে য'ত আত্মশক্তিৰে এক শক্তিশালী ৰাষ্ট্ৰশক্তিৰ অন্যায় দুৰ্নীতি ব্যৰ্থ কৰি পৃথিৱীৰ বুৰঞ্জীত এক অভূতপূৰ্ব্ব দুস্কৃতি প্ৰতিৰোধৰ মহান চানেকি জিলিকাই থৈ গ'ল, এই শিৱসাগৰ যিখনি চহৰে আজিও অসমৰ পুৰণি গৌৰৱ কোলাত লৈ অসমীয়া সংস্কৃতিৰ এতিয়াও সেউজীয়া হৈ থকা প্ৰাণক নৱোন্মেষ প্ৰেৰণাৰে উজ্জীৱিত কৰি ৰাখিছে, যি শিৱসাগৰৰ এই মাটিত, এই দিখৌৰ পাৰত জন্ম লভা মোৰ মাতৃ কিৰণময়ীয়ে পৃথিৱীৰ পোহৰৰ মুখ দেখুৱাই মোক পোহৰৰ মন্ত্ৰ দি গ'ল -সেই মোৰ পুণ্যতীৰ্থ শিৱসাগৰলৈ, শিল্পীৰ মাজলৈ, আজি মই মোৰ প্ৰাণৰ, মোৰ মনৰ, মোৰ সপোনৰ, মই কল্পন৷ কৰা নতুন পৃথিৱীৰ দিঠকৰ কথাটো কবলৈ আহিলোঁ।
সদায়েই ভাবি আছিলোঁ, যি সপোন সি মাথোন সপোন হৈয়েই তৰাৱলী আকাশত উৰি ফুৰিব। নিশা আকাশত নীহাৰিকা দেখি ভাবো, সি এটা কাৰোবাৰ জ্যোতিৰ্ম্ময় সুন্দৰ সপোন, আকাশে আকাশে বিয়াকুল হৈ উৰি ফুৰিছে। সেই জ্যোতিপুঞ্জত ব্যাকুল হৈ আকাশৰ অনন্ত বুকুত আলোকবাষ্পৰ ৰূপত ভুৱনে ভুৱনে ভ্ৰমি ফুৰাই ভাবিছিলো তাৰ জীৱন বুলি কিন্তু পৃথিৱীৰ এই ধূলি-মাটি, জুই-পানী গণি-পঢ়ি চোৱা বৈজ্ঞানিকে কলে---সেই নীহাৰিকায়েই ৰূপ লৈ মাটি-পানীৰ পৃথিৱী হয়, তাত জীৱনে ৰূপ লয়, তাত জীৱন আকৌ ৰূপান্তৰৰ মাজে মাজে বিকশিত হয়। প্ৰকাশৰ পিছত নতুন প্ৰকাশলৈ জীৱনে কাক বিচাৰি