সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৵৹

 ইয়াৰ আগয়ে “হিতকথা প্রথম ছোৱা” নামেৰে এখনি পুথি মোৰ দ্বাৰা লেখা হৈ মুদ্রিত আৰু প্ৰকাশিত হৈছে। সেই পুথি খনি নিচেই নামৰ খাপৰ লৰাৰ উপযুক্ত যেন নেদেখি, “জ্ঞানাঙ্কুৰ” নামে এই পুথি খনি ৰচিলোঁ। ইয়াত সৰু লৰাই বেগেতে বুজিব পৰা হিতোপদেশ পূৰ্ণ ভালেমান ছুটী ছুটী সাধু কথা বা প্রবন্ধ লিখা হৈছে। ইয়াৰ দ্বাৰাই সুকুমাৰমতি বালক সকলৰ অলপ- মান উপকাৰ হোৱা যেন দেখিলেও মোৰ শ্ৰম সাৰ্থক মানিম। এই পুথি খনি যে একেবাৰে ভ্ৰমশূন্য, ম‍ই এনে কথা কব নোৱাৰোঁ। ইয়াত বর্ণাশুদ্ধি আদি নানা প্ৰকাৰৰ দোষ থাকিব পাৰে। এতেকে মই স্বদেশ-হিতৈষী জ্ঞানী সকলক ইয়াকে খাটোঁ, তেঁও বিলাকে যেন সেই বাবে মোক গৰিহনা নকৰি নিজৰ উদাৰতা গুণেৰে দোষ বিলাক দেখুৱাই দিয়ে।

ডিব্ৰুগড়,
শক ১৮০৫।
শক ১৮০৫। শ্ৰীপূৰ্ণকান্ত শৰ্ম্মা ৷
 

দ্বিতীয়বাৰৰ বিজ্ঞাপন।

 এই পুথি খনি পঢ়াশালী বিলাকত প্রচলিত হবৰ আজ্ঞা হোৱাত ইয়াৰ পুনঃ মুদ্রাঙ্কন আবশ্যক হল! এতেকে ইয়াক যথাসাধ্য সংশোধন কৰি দ্বিতীয় বাৰ মুদ্ৰিত কৰা গ'ল। এই পুথি খনি শ্ৰীযুত দেবীচৰণ বৰুৱা মহোদয়ে আদিৰ পৰা অন্তলৈ এবাৰ চাই কেতবিলাত ভ্রম দেখুৱাই দিলে; সেই বাবে