এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[ ১ ] . মোৰ বৰিয়াকৈ ৰাখিম । তেতিয়া মোৰ ধন দেখি, বৰ • বৰ মানুহে ভাল ভাল ছোৱালী যাচি দিব ৷ আপোন ইচ্ছামতে এজনী ডাঙ্গৰ মানুহৰ ঘৰৰ দেখিবলৈ সুৱনী ছোৱালী বিয়া কৰাই ঘৰত সুখ কৰি থাকিম কিছু দিনৰ মূৰত লৰা ছোৱালীও হব । চাকৰ হঁতেই সকলো বন বাৰি কৰি ভাত পানী ৰান্ধি যতাই দিব । তেতিয়া মোৰ বৰটো লৰাই আহি মাতিবহি, “পিতা দেও ! ভোজন কৰকহি।” মই এই দৰে ( মূৰ জোকাৰি ) ক’ম, “হেৰ কটা মই এতিয়৷ ভাত নেখাওঁ ।” এই কথা কৈ মূৰ জোকাৰোতেই মূৰৰ পৰা ঘিউ-কলহ মাটীত পৰি ভাগি - চৰ্চ্চ মই হ'ল । তেতিয়া সেই ঘিউৰ গিৰিহঁতে দেখি স কোবাই তাৰ পিঠি ছিঙ্গিপেলালে । ইয়াৰ তাৎপৰ্য্য এই—যি মানুহে আপোনাৰ পদ বা অৱস্থাৰ অধিক বা অসম্ভৱ আৰু দুৰ্ল্লভ আশাত মত্ত হয়, সি কেৱলে নৈৰাশ আৰু দুৰ্দশাগ্রস্ত হয় ৷