সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 25 ] ভাণাৰি ধৰি, তাক থাপ মাৰি উড়াই লৈ লৰ মাৰিলে ৷ আতাকে দেখি এটা কাউৰীয়েও নিজৰ বল নুবুজি, সেই হঃ কৰ্ম্ম কৰিবৰ মনেৰে, এজোপা গছৰ পৰা ছোঁ মাৰি শক মেৰ ছাগৰ ওপৰত পৰিলহি ; কিন্তু তাৰ পিঠিৰ নোম =বিলাকত কাউৰিৰ নখ লাগি ধৰাত, বপুৰা কাউৰীয়ে এৰাব নোৱাৰি, কাঁ কাঁ কৰি ৰমলিয়াবলৈ ধৰিলে । পাছে গৰখিয়া ল'ৰাই দেখা পাই টঙ্গনিয়াই মাৰি পেলালে । ইয়াৰ তাৎপৰ্য্য এই—আত্মশক্তি বিবেচনা নকৰি মহতৰ কৰ্ম্ম কেৰিবলৈ ধৰিলে ক্ষুদ্ৰ প্ৰাণীৰ এই দুৰ্দ্দশা হয় । T দুই বিড়লি আৰু এক বান্দৰ ৷ ? দুটা বোন্দা মেকুৰিয়ে কিছুমান খাদ্য সামগ্ৰী উমৈহ- তেতে পাই তাকে ভাগ বাটীবৰ কাৰণে এক বান্দৰৰ - ৰিলৈ গ'ল । বান্দৰে তৰজু এখন আনি, সেই বস্তু টী ভাগ কৰি দুফালে থৈ জুখিবলৈ ধৰিলে৷ পাছে যি গৈলেই গধূৰ হয়, সেই ফালৰে কিছুমান কাটি, মান কৰিবৰ নিমিত্তে আপুনি খায় । এই দৰেই সমান ৰোতে কৰোতে সকলো খিনি বস্তু বান্দৰৰ পেটত সামাল৷ দুয়োটা বিড়লি বঞ্চিত হৈ, ওঠ মোঠ চেলেকি গুচি গ'ল । . ইয়াৰ তাৎপৰ্য্য এই—আপোন বিষয়ত অংশীদাৰ সকল অনৈক্য চটই পৰক তাত হাত দিবলৈ দিলেই এই দশা হয়।