সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ]


বেজাৰ লাগি ব্ৰহ্মাক আকৌ গৈ ক'লে, “হে প্রভো তুমি তোমাৰ ক্ষমতা লোৱাঁ, মই চহকী হ'লোঁ; মোত আৰু আৱশ্যক নাই ।” ইয়াৰ তাৎপৰ্য্য এই—সকলোৰে শুভাশুভ ফলদাতা পৰমেশ্বৰ কর্তৃত্বত যি অসন্তুষ্ট হৈ আপোন ইচ্ছামতে ফল লাভ কৰি খোজে, সি নির্ব্বোধ । মুদৈ আৰু গৃহস্থী । এজন গৃহস্থী মানুহে এক মুদৈক লগ পাই শুধিকে “তোমাৰ বাপেৰ কেনেকৈ মৰিল ?” মুদৈয়ে কাে “মোৰ পিতা আৰু পিতামহ দুয়ে৷ সাগৰত ডুবি মৰিল । গৃহস্থীয়ে পুনৰ শুধিলে, “তোমাৰ মৰিবলৈ ভয় নাইনে ? মুদৈয়ে সেই কথাৰ উত্তৰ নিদি শুধিলে, “তোমাৰণে বাপেৰ ক'ত মৰিল ?” গৃহস্থীয়ে ক’লে, “ধাৰী পাটীত । তেতিয়া মুদৈয়ে ক’লে “তোমাৰ যেনেকৈ ধাৰী পাটী উঠিবলৈ ভয় নাই, সেই দৰে মোৰ নাওত উঠিবলৈ ভয় নাই।” ইয়াৰ তাৎপৰ্য্য এই — অভ্যাসৰ দ্বাৰাই ভয় নষ্ট হয় । মহাপক্ষী আৰু কাউৰী । এক মহাপক্ষী এক ওখ পৰ্ববতৰ পৰা উড়ি আি এটা মেৰ ছাগৰ ওপৰত পৰি, তাৰ পিঠিত নখেৰে চিট