সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[ ২ ]


পেলাই দিলেহি। তেতিয়া পানী ওফন্দি আহি (illegible}} পালেহি। কাউৰীয়ে হেপাহ পলাই মনৰ সন্তোষে পানী পি, উড়ি গুছি গ'ল।

 ইয়াৰ তাৎপৰ্য্য এই—মানুহে বলেৰে যি কাৰ্য্য কৰিব নোৱাৰে সেই কাৰ্য্য বুদ্ধিৰে কৰিব পাৰে।


শিয়াল আৰু সিংহাদি জন্তু।

 এক শিয়াল ৰাতি নগৰলৈ ওলাই আহি, এঘৰৰ চুৱা পাতনিত চুৱাপাত চেলেকি আছিল। এনেতে কুকুৰে লগ পাই খেদা দিলত, খেদাত তত নেপাই আহি (অপঠনীয়) ধোবাৰ নীল পানীৰ জক৷ এটাত পৰিলহি। নীল পানীত জোবোৰা খাই গোটেইটো নীল বৰণীয়া হ'ল। কুকুৰে খেদিবলৈ এৰি গুছি গ'ল। পাছে সেই শিয়ালে পানী পিবলৈ গৈ এখন নৈত আপোনাৰ গাতো দেখি, হাবি ফাললৈ প্ৰস্থান কৰিলে। সিংহ আদি বৰ বৰ জন্তু বিলাকে তাক দেখি অপূৰ্ব্ব জন্তু হেন জানি, ভয়ত পলাবলৈ ধৰিলে। তেতিয়া সেই ধূৰ্ত্ত শিয়ালে সেই জন্তু বিলাকক নিৰ্ভয় দি ক'লে, “হে জন্তুগণ! মোক ব্ৰহ্মাই তহঁতক পালিবলৈ স্বৰ্গৰ পৰা পঠিয়াই দিছে, তহঁতে ভয় নকৰিবি। মই ত্ৰিভুবনৰ সকলো জন্তুৰ ওপৰত অধিপতি!” শিয়ালৰ আশ্বাস বাক্য পাই, সিংহ আদি জন্তু বিলাক চাৰিও ফালৰ