সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মঙ্গহ হেপাহ পলাই খালোঁ । আজি কেঁকোৰাৰ মঙ্গহকে ধাওঁ।” ইয়াকে পেটে থিৰ কৰি কেঁকোৰাক পিঠিত তুলি লৈ গল । নিলগৰে পৰা শিলৰ ওচৰত দৌলমনি হৈ থকা মাছৰ হাৰ বিলাক দেখি, কেঁকোৰাৰ গা চেবালে । তেতিয়| বগলীক শুধিলে, “মামা! আছে ?” বগলীয়ে, ই জলচৰ জন্তু সৰোবৰলৈ কিমান দূৰ বামত ইয়াৰ বল নাই, ইয়াকে বিবেচনা কৰি ক'লে, “ইয়াত সৰোবৰ ক'ত আছে, এইখন যোৰ পেট প্ৰবৰ্ত্তোৱা সৰোবৰহে। সৌ শিলতে তোকো পেলাই খাম।” বগলীৰ কথা শুনি কেঁকোৰা বিবুদ্ধি হৈ, বগলীৰ নেলুত চেপামাৰি ধৰি, নেলু ছিঙ্গি পেলালে । বগলী তৎক্ষণাৎ মাটীত থপক কৰে পৰি, মৰি থাকিল ৷ কেঁকোৰা আকৌ বগাই বগাই সৰোবৰলৈ উলটি আহি সকলো কথা, জলচৰ সকলক কলেহি । ইয়াৰ তাৎপৰ্য্য এই—মানুহে প্ৰতাৰণা কৰি সৰহ দিন তম্ভিব নোৱাৰে ৷ এদিন ধৰা পৰি অৱশ্যই তাৰ উচিত দণ্ড পাব। সিংহ আৰু শিয়াল । এক সিংহই এদিন খাবলৈ একো নেপাই, এঠাইত এটা গাঁত পাই, বিবেচনা কৰিলে যে, “এই গাঁতত কোনো জন্তু থাকে, •সি এতিয়া চৰিবলৈ গৈছে, গধূলি আহি যেতিয়া ইয়াত সোমাবছি, তেতিয়া তাক ধৰি খাম” এই