[56] অনেক জন্তু বধ কৰে। ইয়াকে দেখি, সেই বনৰ সকলো খিনি জন্তু মুঠ বান্ধি আহি সিংহক কলেহি, “হে প্রভো! আপুনি আমার ৰজা ৷ আপুনি কিয় অন্যায় কৰি দিনে দিনে অনেক জন্তু বধ কৰে ? আজিৰ পৰা আমালোকৰে সৈতে ৰাজ-নিয়ম স্থাপন কৰক। দলেই জীবনযাত্রা নির্বাহ হয়। আপোনাৰ এটী পহু এতেকে আমি সক- 'লোৱে গোট খাই :দুপরিয়া এটা এটা জন্তু আপোনাৰ যাহাৰৰ নিমিত্তে পঠিয়াম।” পাছে সিংহেও বিবেচনা কৰি চাই সেই কথাতে মাতি হল। দিনেপতি এটা এটা জন্তু সিংহৰ গুৰিলৈ আহিবলৈ ধৰিলে। দৈৱাৎ এদিন এক শহার পাল পৰিল ৷ সি নেযাওঁ বোলোতেও রাইজে তাক বলেৰে পঠিয়ালে । সি কেহেলি কেন্দেলিকৈ যাওতেই বেলি ভাটী দিলে। ত'ত সিংহে আহাৰৰ বেলি চৰি যোৱাত, ভোকত হামিয়াই হেকটিয়াই তন্নাস্তি হৈ গুজৰিব লাগিছে। এনেতে শহা গৈ প্ৰণাম কৰি- লেগৈ। একেই বেলি চৰিল, তাতে আকৌ ক্ষুদ্র প্রাণী শহাক দেখি সিংহই খঙ্গত তৰ্জ্জন গর্জ্জন কৰি ক'লে, “ৰে শশকাধম ! তই একেই ক্ষুদ্র কায় তাতে আকৌ বেলিকৈ আহিছ, এই দোষতে আজি এই বন প্ৰাণীহীন কৰিম।” তেতিয়৷ শহাই বিনীত ভাৱেৰে ক'লে, “হে প্রভো! ই মোৰ দোষ নহয়। আৰু ৰাইজৰো দোষ নহয়। আমি পাঁচোটা শহা আহিছিলোঁ। বাটতে আন
পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/৩০
অৱয়ব