K I. ]. 0 ইয়াৰ তাৎপৰ্য্য এই—দুষ্ট আৰু ক্ষুদ্ৰ মানুহৰ স্বভাবেই এই দুৰ্ব্বল আৰু সহনীয়াক দৌৰাত্ম্য কৰে, কিন্তু বলবান আৰু উগ্ৰৰ ওচৰলৈকে নেযায় । কৃষক আৰু নেউল। এজন কৃষকৰ ধাননীত সদাই বৰা গাহৰি আৰু জন্তু আহি ধান খায় আরু নষ্ট কৰেহি। এদিন কৃষকে জাল পাতি ধাননীলৈ অহা এটাইখিনি জন্তু ধৰিলে। সেই বিলাক জন্তুৰ লগতে এটা নেউলো ধৰা পৰিহি । নির্দোষী নেউলে প্ৰাণৰ ভয়ত কৃষকক বিনীত ভাৱেৰে ক’লে, “হে ককাই ! মই তোমাৰ একে | অপকাৰ কৰা নাই, মোৰে মানুহৰে কোনে৷ শত্ৰুতা নাই, মই পাৰোমাণে মানুহৰ উপকাৰহে কৰোঁ। মই তোমালোকৰ ঘৰলৈ সাপ আহিব নিদিওঁ, আৰু নিগনিয়ে তোমালোকৰ বহুত হানি কৰে দেখি তাক মাৰোঁ; এতেকে মোক এৰি দিয়া।” তেতিয়া কৃষকে ক’লে, “তই কোৱা কথা সচা, ইয়াত এফেৰিও ভাঁজ নাই। কিন্তু তই দুষ্টৰ লগত ফবিও ভাগ তার শাস্তি পাবই লাগে।” ধৰা পৰিছ, এতেকে তাৰ এই কথা কৈ নেউলটো মাৰি পেলালে। ৪২৩৫/অ: ইয়াৰ তাৎপৰ্য্য এই — দুষ্টৰ লগত সঙ্গ পাতিলে বিপদত পৰিব লাগে, আৰু অসৎ কৰ্ম্ম নকৰিলেও সঙ্গ দোষত পৰি দণ্ড ভুগিব লাগে ৷
পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/২৮
অৱয়ব