[ ১০ ] বনৰ জন্তু বিলাকৰ প্ৰতি নিষ্ঠুৰ নহৈ উপকাৰ কৰিলোঁহে- তেন, সিহঁতৰ পৰা ময়ো এতিয়া উপকাৰ পালোঁহেতেন, আৰু মন্ত্ৰণ কালত ইমান অপমানে৷ সহ্য কৰিব নেলাগে।” ইয়াৰ তাৎপৰ্য্য এই—মানুহে ক্ষমতা পালেই নিষ্ঠুৰ আৰু দুৰন্ত হব নেলাগে। তেনেহলে, কালত সেই লোকৰ তলতীয়া লোকেও অপমান কৰিব পাৰে । এতেকে সকলোৰে সদ্ব্যবহাৰ কৰা উচিত । কাউৰী আৰু মেৰছাগ। এঠাইত এটা মেৰছাগে ঘাঁহ খাই আছিল, এক দুষ্ট কাউৰী গৈ তাৰ পিঠিত পৰি ঠোটেৰে খুটিবলৈ ধৰিলে। দুঃখ পাই মেৰছাগে কলে, “হে কাক ! মই কাকো হিংস৷ নকৰোঁ, আৰু তোমাকে৷ একো দোষ কৰা নাই, তুমি মোক নাহকতে কিয় দুঃখ দিছ। ?” তেতিয়া কাউ- ৰীয়ে ক’লে, “মই এই দৰে সকলো চাৰিঠেঙ্গিয়া জন্তুৰ ওপৰত উঠি ফুৰো।” মেৰছাগে ক’লে, “তুমি মোৰ নিচিনা জন্তুৰ ওপৰত উঠিব পাৰা, কিন্তু কুকুৰৰ নিচিন৷ জন্তুৰ ওপৰত উঠিবলৈ এনে সাহ নকৰা ।” কাউৰীয়ে ক’লে, “মই স্থান বিশেষত দুষ্ট, নম্র আরু ভদ্র হঁও, অর্থাৎ দুর্ববলৰ আগত বলী প্ৰৱলৰ আগত, নম্র আরু ভদ্র হঁও ।
পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/২৭
অৱয়ব