[১০]
বনৰ জন্তু বিলাকৰ প্ৰতি নিষ্ঠুৰ নহৈ উপকাৰ কৰিলোঁহে- তেন, সিহঁতৰ পৰা ময়ো এতিয়া উপকাৰ পালোঁহেতেন, আৰু মৰণ কালত ইমান অপমানো সহ্য কৰিব নেলাগে।"
ইয়াৰ তাৎপৰ্য্য এই—মানুহে ক্ষমতা পালেই নিষ্ঠুৰ আৰু দূৰন্ত হব নেলাগে। তেনেহলে, কালত সেই লোকৰ তলতীয়া লোকেও অপমান কৰিব পাৰে। এতেকে সকলোৰে সদ্ব্যবহাৰ কৰা উচিত।
কাউৰী আৰু মেৰছাগ।
এঠাইত এটা মেৰছাগে ঘাঁহ খাই আছিল, এক দুষ্ট কাউৰী গৈ তাৰ পিঠিত পৰি ঠোটেৰে খুটিবলৈ ধৰিলে। দুঃখ পাই মেবাগে কলে, “হে কাক! মই কাকো হিংসা নকৰোঁ, আৰু তোমাকো একো দোষ কৰা নাই, তুমি মোক নাহকতে কিয় দুঃখ দিছা?" তেতিয়া কাউ- ৰীয়ে কʼলে, "মই এই দৰে সকলো চাৰিঠেঙ্গিয়া জন্তৰ ওপৰত উঠি ফুৰো।” মেৰছাগে কʼলে, "তুমি মোৰ নিচিনা জন্তুৰ ওপৰত উঠিব পাৰা, কিন্তু কুকুৰৰ নিচিনা জন্মৰ ওপৰত উঠিবলৈ এনে সাহ নকৰা।” কাউৰীয়ে কʼলে, “মই স্থান বিশেষত দুষ্ট, নম্ৰ আৰু ভদ্ৰ হঁও, অৰ্থাৎ দুৰ্বলৰ আগত বলী প্ৰৱলৰ আগত, নম্ৰ আৰু ভদ্ৰ হঁও।