সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

[৯]

মাত লগালে, "সখ্য সৌৱা চোৰে আমাক পালেহি, এতিয়া -আমাৰ প্ৰাণ বধিব।" তেতিয়া ধন নেপোৱাটে কʼলে, "সখ্য, এতিয়া কিয় 'চোৰে আমাৰ প্ৰাণ বধিব, বুলিছা? তুমি ধন পাইছা, তুমি মৰিবা; মই কিয় মৰিম?”

 ইয়াৰ তাৎপৰ্য্য এই—যি মানুহে আনক সুখর ভাগী কৰিব নোখোজে, কেবল দুঃখৰহে ভাগী কৰিব খোজে, তাক প্ৰকৃত বন্ধু বুলিব নোৱাৰি।


সিংহ আৰু বনচৰ জন্তু।

 কোনো এক বনত এক বৰ দুৰন্ত সিংহ আছিল। সি বুঢ়া হলত, শক্তিহীন হৈ, লৰিব চৰিব নোৱাৰি গাঁততে পৰি থাকে। খাবলৈ নেপাই ক্ষীণাই হাৰ চাল মাত্ৰ আছিলগৈ। উপায় নেপাই সি আন জন্তু বিলাকক কাবৌ কোকালি কৰি আহাৰ খোজে; কিন্তু সিহঁতে তাৰ পূৰ্বৰ নিষ্ঠুৰতা সুঁৱৰি নথৈ তিৰস্কাৰ কৰি গুচি যায়। সিহঁতক প্ৰতিফল দিবলৈ সিংহৰ গাত বল নাই, কি কৰিব, সকলো অপমান সহি থাকে। এদিন এটা গাধ আহি, সিংহক পূৰ্বৰ ব্যবহাৰৰ নিমিত্তে নানাৰূপে গৰিহনা কৰি, সিংহৰ মুখতে লাঠি মাৰি দিলে। সেই লাঠিতে সিংহৰ প্ৰাণ বাজ হʼল। মৰণ কালত সিংহই খেদ কৰি কʼলে, "হাঁয় হাঁয়, মই ডেকা কালত তেজৰ বলত ইমানকৈ কিয় দপ্- দপাইছিলো? এতিয়া তাৰ প্ৰতিফল পালোঁ। যদি মই