[৮]
পশুৰাজ! তুমি মোক বধ নকৰিবা, মই নিচেই ক্ষুদ্ৰকায়, মোৰ মঙ্গহেৰে তোমাৰ ভোক নুগুছে আৰু মোক মাৰিলে তোমাৰ গৌৰবো নাই।” নিগনিৰ কাকুতি শুনি, সিংহে তাক মৰম লাগি এৰি দিলে। কিছু দিনৰ মূৰত সেই সিংহ ব্যাধৰ জালত পৰিল। সি কোনো- ৰূপে জালৰ পৰা ওলাব নোৱাৰিলে। তেতিয়া সেই নিগনিয়ে সিংহক সেই অৱস্থাত দেখি দাঁতেৰে জাল কুটি বান্ধ ছিঙ্গি দিলে। সিংহ নিৰ্ব্বিঘ্নে ওলাই গʼল।
ইয়াৰ তাৎপৰ্য্য এই—মানুহে মহৎ পদ পালে কাকো তুচ্ছ জ্ঞান কৰিব নেলাগে। কালত অতি ক্ষুদ্ৰৰ পৰাও মহতৰ উপ- কাৰ হব পাৰে।
দুই বন্ধু।
কোনো দুই সখিয়েক গোট খাই ধন ঘটিবলৈ এফা- ললৈ ওলাই গল। বাটত্ যাওতে তাৰে এটাই এজোপা গছৰ তলত চোৰে থোৱা একলহ ৰূপ পালে। তেতিয়া সি কʼলে “সখ্য, এই বাটে আহি মই বহুত ধন পালোঁ।” সখিয়েকে কʼলে, “সখ্য, আমাৰ আজি কপাল ভাল।” ধন-পোৱাটো সখিয়েকে কʼলে, “সখ্য, মই ধন পাইছোঁ, মোৰহে কপাল ভাল, তুমি 'আমাৰ কপাল ভাল' কিয় বুলিছা? "এই ধনত তোমাৰ ভাগ নাই।” এনেতে সেই ধনৰ গৰাকী চোৰ আহি পালেহি। তেতিয়া ধন পোৱাটে