সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৬]

 সিংহৰ এই কথাকে বিশ্বাস কৰি বলদ দুটা বেলেগ হʼল। তেতিয়া সিংহই ধৰি এটা এটাকৈ দুয়োটা বধ কৰিলে।

 ইয়াৰ তাৎপৰ্য্য এই—মানুহে মুঠ বান্ধি থাকিলে শত্ৰুৱে সতকাই বল কৰিব নোৱারে আৰু সাহ নেপায়, কিন্তু অনৈক্য হলেই নষ্ট পায়।


সিংহ আৰু শিয়াল।

 এক সিংহ বুঢ়া হোৱাত জীৱ জন্তু ধৰি খাবলৈ তাৰ গাত বলশক্তি নাইকিয়া হʼল। বলেৰে নোৱাৰি ছলেৰে জন্তু ধৰি খাবৰ মনেৰে সি এটা গাঁতত নৰীয়াৰ ভেষ ধৰি পৰি থাকিল। তাৰ এইয়ে মনৰ ভাব আছিল যে, কোনো জন্তুৱে তাক চাবলৈ আহিলে সি তাক ধবি খাব। পাছে এদিন এক শিয়ালে তাৰ গাঁতৰ ওচৰলৈ গৈ, প্ৰণাম কৰি শুধিলে, “পশুৰাজ! আপুনি কেনে আছে?” সিংহই কেঁকাই কেঁকাই কʼলে, “তুমি ভিতৰলৈ আহি চোৱাঁহি।” এই কথা শুনি ধূৰ্ত্ত শিয়ালে কলে, “হে মহাশয়। মই ইয়ালৈ আহি অনেকৰ প্ৰবেশ কৰা ছিন পালোঁ, কিন্তু কাৰো ওলাই অহা ছিন নেপালো।" ইয়াকে কৈ শিয়ালে উভটি ভিৰাই ধৰি লৰ দিলে।

 ইয়াৰ তাৎপৰ্য্য এই—বিবেচনা নকৰি কোনো কাৰ্য্যত প্ৰবৃত্ত হোৱা কৰ্ত্তব্য নহয়।