[৭]
এক গৰখীয়া লʼৰা।
এটা গৰখীয়া লʼৰাই চাপৰিত গরু চৰাই থাকোতে “বাঘ আহিছে” বুলি চিঞৰিবলৈ ধাৰিলে। তাৰ চিঞৰ শুনি হাতত টাঙ্গোন লৈ চাৰিও ফালৰ পৰা মানুহ চাপি আহিল। ওচৰ পাই দেখিলেহি, বাঘ নাই, গৰখীয়া লʼৰাটে খিʼখিকৈ হাঁহিব লাগিছে। গৰখীয়া লৰাই মিছাকৈ ফাকতি কৰি বাঘ আহিছে বুলি চিঞৰিছিল, ইয়াকে জানি সেই মানুহবোৰ দিহাদিহি গুছি গʼল। পাছে এদিন সচাসচিকৈ গরুৰ মাজত বাঘ আহি সোমালহি। তেতিয়া সি “বাঘ আহিছে” বুলি গগন উধাই এটাহ পাৰি থাকাতো আগৰ দৰে মিছাকৈ ধেমালি কৰিছে হেণ, ভাবি, কোনো ওচৰ চাপি নগল। বাঘে বপুৰা গৰখীয়াক কামোৰ মাৰি লৈ গুছি গʼল।
ইয়াৰ তাৎপৰ্য্য এই—মিচলীয়া মানুহৰ সচা কথাতো মানুহে সাচ নপতিয়ায়।
সিংহ আৰু নিগনি।
কোনো এক সিংহ এজোপা গছৰ তলত শুই আছিল। দৈবাৎ কʼৰবাৰ পৰা আহি এটা কঠালগুটীয়া নিগনি সিংহৰ হাতোৰাতে পৰিল্হি। নিগনিয়ে তেতিয়া বৰ ভয় পাই সিংহক কাকুতি কৰিবলৈ ধৰিলে, “হে