সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪]

 ইয়াৰ তাৎপৰ্য্য এই—সাৱধান হৈ নচলিলে মানুহ এক আপদৰ পৰা মুক্ত হৈয়ো তাতকৈ ভয়ানক আপদত পৰিবৰ সম্ভৱ।


এক শহানী আৰু বাঘিনী।

 এদিন এজনী শহানীয়ে এক বাঘিনীৰ ওচৰলৈ গৈ কʼলে, "বাঘিনী বাই! মোৰ বচৰে পতি অনেক সন্তান হয়, কিন্তু তোমাৰ ও-পজাৰ পৰা মৰালৈকে এটা মাত্ৰ সন্তান জন্মে।" তাতে বাঘিনীয়ে মাত লগাই কʼলে, "মোৰ যে এটী সন্তান হয়, সি তোমাৰ বহু সন্তানতকৈও শ্ৰেষ্ঠ।"

 ইয়াৰ তাৎপৰ্য্য এই—ভালেমান অধম সন্তানতকৈ এটী সৎ পুত্ৰ হোৱা ভাল।


বাঁৰী আৰু হংসী।

 এজনী বাঁৰী মানুহে এজনী পাতিহাঁহ পুহিছিল। সেই হাঁহ জনীয়ে দিনে পতি এটা এটা কনি পাৰে। তাকে দেখি বাঁৰীয়ে ভাবিলে, এই হাঁহ জনীক যদি মই ভালকৈ খাবলৈ দিওঁ, তাই দিনে দুটা কি তাতকৈও সৰহ কনি পাৰিব। এই আশয়েৰে, তাই হাঁহ জনীক আগত্কৈ সৰহ সৰহ আহাৰ দিবলৈ ধৰিলে। কিন্তু অপৰিমিত ভোজনৰ দোষত হাঁহ জনী পেট ফাটি মৰি থাকিল।