সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২]

থাকিল। এটা শিয়ালে ব্যাধক মৃগ আৰু বৰাগাহৰি আনিবৰ দেখি সেই জোপা গছৰ আঁৰতে লুকাই, জোপ লৈ থাকি ভাবিছিল, "এই মানুহটে অৱশ্য ৰাতি মাংস সিজাই খাব, মইয়ো তাৰে এভাগ পাম। মঙ্গহ নেপালেও হাৰকে চোবাবলৈ পাম।" এতিয়া সাপৰ কামোৰত ব্যাধ আৰু ব্যাধৰ শৰত সাপ মৰা দেখি শিয়ালটো তুৰন্তে ওচৰ চাপি আহিল। ভালে দিনৰ আহাৰ একে ঠাইতে পাই, ভাবিবলৈ ধৰিলে, এই মানুহটে এমাহ যাব, মৃগ আৰু বৰাগাহৰি এই দুটাৰে দুমাহ যাব, আৰু এই সাপটোৰেও এদিন যাব। এতেকে কালিৰ পৰা ইহঁতক খাবলৈ ধৰিম। আজি ৰাতিটো এই চৰ্ম্ম-নিৰ্ম্মিত ধনুৰ জোৰ ডাল খাই নিয়াওঁ। ইয়াকে স্থিৰ কৰি সি ধনুৰ জোৰত মুখ দিওঁ- তেই জোৰ ছিগি ধনু খনৰ এটা আগ আহি বেতালিৰ দিঙ্গিত সোমালহি। সেই জ্বালাতে শিয়ালো তাতে পৰি মৰি থাকিল।

 ইয়াৰ তাৎপৰ্য্য এই—মানুহৰ সকলো আপদ প্ৰায় লোভৰ পৰাই হয়, আৰু আতিকৈ সাঁচিলে বিঘিনি হয়; এতেকে লোভ আৰু আতিকৈ সঁচা ভাল নহয়।


মৌ-মাখী আৰু কপৌ।

 এক মৌ-মাখী পিয়াহ লাগি পানী পিবলৈ যাওঁতে নৈত পৰি উটিগৈছিল। এটা কপৌ সেই নৈৰ দাঁতিত