সমললৈ যাওক

পৃষ্ঠা:জ্ঞানাঙ্কুৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

জ্ঞানাঙ্কুৰ ।

ব্যাধ আৰু শিয়াল।

 কোনো এক ব্যাধে পহু মাৰিবলৈ গৈ, এটা বৰ ডাঙ্গৰ বৰাগাহৰি আৰু এটা মৃগ মাৰিলে। তাকে কান্ধতলৈ আহোঁতে আহোঁতে ৰাতি হ'ল। ঘৰ নেপাই, এন্ধাৰ হবৰ দেখি, ব্যাধ বাটতে এজোপা আম গাছৰ তলতে ৰ'ল ৷ সেই গছৰ তলতে এটা ডাইল সাপ থাকে। সি সদাই সেই জোপা গছৰ পকা আমবিলাক খাই থাকে গছৰ তলত ব্যাধক দেখি সাপে ভাবিলে, এই ব্যাধে, কাইলৈ ৰাতি পুৱালেই পকা আম খিনি লৈ গুছি যাব; এতেকে ইয়াক বধ কৰাহে উচিত। এই ভাবি ব্যাধক আহি খোট মাৰিলে । ব্যাধ বিষৰ জ্বালাত চাৰিও ফালে চাই, সাপটোক দেখি এপাট কাঁৰ মাৰি, মাৰি পেলালে। বৰাগাহৰি, মৃগ, ব্যাধ, আৰু সাপ, একে ঠাইতে পৰি