সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
ভোকেন্দ্ৰ বৰুৱাৰ মধ্যলীলা


বিদ্যা ফলাবলৈ গৈ টান প্ৰশ্ন দি আমাক Massacre (হত্যা) কৰিলে। সেইদেখি ফাৰ্স্ট আৰ্টচক kick কৰি (লাথি মাৰি ) ওস্তাজ ৰাখি গান বাজনাকে শিকাবলৈ চেষ্টা কৰিছিলো; ভাবি- ছিলো আসামত “মিউজিক প্ৰফেচৰ" ( সঙ্গীতৰ অধ্যাপক ) হব পাৰিলেও নাম কৰিব পাৰিম, কিন্তু সিও নহল; বেটা ওস্তাজে পইচা খাই ৰাগৰ তা-না-না-না শিকাওঁতেই দিনৌ তিনি চাকিকৈ তেল পোৰে দেখি disgusted (বিৰক্ত ) হৈ তাকো এৰি পেলালোঁ। সেই সোপা অৱশ্যে তুমি জানায়েই। তাৰ পিছত ভাবিলো Author ( গ্ৰন্থকৰ্ত্তা) হম। তিনিখন নাটকৰ তিনি ছোৱা লেখি আমনি লাগি তাকো পুৰি পেলালো। কবিতাৰ কিতাপো এখন লেখিছিলো, খৰচৰ অভাৱত ছপাব নোৱাৰি তাকো পেলাই থৈছোঁ। আজি Father's demise news ( পিতৃ বিয়োগ বাতৰি ) পাই বেজাৰ লাগি ভাবিছোঁ, যে আজি ত্ৰাক্ষৰ ছন্দত এখন মহাকাব্য ৰচনা কৰোঁ। কিতাপখন ছাপাবলৈ এজন Publisher. ( প্ৰকাশক ) ঠিক কৰিব পাৰিলেই সকলো লেঠা মৰে। কলিকতাৰ এচ. কে লাহিড়ীক বুজাই কলে বোধ কৰে৷ Publish অৰ হবলৈ ৰাজী হব; নহলে আমাৰ ভট্টাচা- ৰ্যাকে ধৰিম বুলি ভাবিছোঁ। যেয়ে প্ৰকাশক হওক, ম‍ই কিন্তু তেওঁক নিশ্চয়কৈ কব পাৰে৷ যে মই যি গঢ়েৰে কাব্যখন লেখিব খুজিছোঁ সেই কাব্য ছপা কৰি বিক্ৰী কৰিলে টকাই চৌচৌৱাই থাকিব। আৰু He will be amply compen- sated নিশ্চয় তেওঁৰ খৰচ উঠি বিস্তৰ লাভ হব। তুমি কি. বোলা?”