বিদ্যা ফলাবলৈ গৈ টান প্ৰশ্ন দি আমাক Massacre (হত্যা)
কৰিলে। সেইদেখি ফাৰ্স্ট আৰ্টচক kick কৰি (লাথি মাৰি )
ওস্তাজ ৰাখি গান বাজনাকে শিকাবলৈ চেষ্টা কৰিছিলো; ভাবি-
ছিলো আসামত “মিউজিক প্ৰফেচৰ" ( সঙ্গীতৰ অধ্যাপক ) হব
পাৰিলেও নাম কৰিব পাৰিম, কিন্তু সিও নহল; বেটা ওস্তাজে
পইচা খাই ৰাগৰ তা-না-না-না শিকাওঁতেই দিনৌ তিনি চাকিকৈ
তেল পোৰে দেখি disgusted (বিৰক্ত ) হৈ তাকো এৰি
পেলালোঁ। সেই সোপা অৱশ্যে তুমি জানায়েই। তাৰ পিছত
ভাবিলো Author ( গ্ৰন্থকৰ্ত্তা) হম। তিনিখন নাটকৰ তিনি
ছোৱা লেখি আমনি লাগি তাকো পুৰি পেলালো। কবিতাৰ
কিতাপো এখন লেখিছিলো, খৰচৰ অভাৱত ছপাব নোৱাৰি
তাকো পেলাই থৈছোঁ। আজি Father's demise news ( পিতৃ
বিয়োগ বাতৰি ) পাই বেজাৰ লাগি ভাবিছোঁ, যে আজি ত্ৰাক্ষৰ
ছন্দত এখন মহাকাব্য ৰচনা কৰোঁ। কিতাপখন ছাপাবলৈ
এজন Publisher. ( প্ৰকাশক ) ঠিক কৰিব পাৰিলেই সকলো
লেঠা মৰে। কলিকতাৰ এচ. কে লাহিড়ীক বুজাই কলে বোধ
কৰে৷ Publish অৰ হবলৈ ৰাজী হব; নহলে আমাৰ ভট্টাচা-
ৰ্যাকে ধৰিম বুলি ভাবিছোঁ। যেয়ে প্ৰকাশক হওক, মই কিন্তু
তেওঁক নিশ্চয়কৈ কব পাৰে৷ যে মই যি গঢ়েৰে কাব্যখন
লেখিব খুজিছোঁ সেই কাব্য ছপা কৰি বিক্ৰী কৰিলে টকাই
চৌচৌৱাই থাকিব। আৰু He will be amply compen-
sated নিশ্চয় তেওঁৰ খৰচ উঠি বিস্তৰ লাভ হব। তুমি কি.
বোলা?”
পৃষ্ঠা:জোন-বিৰি.pdf/৯৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৫
ভোকেন্দ্ৰ বৰুৱাৰ মধ্যলীলা