সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
জোন-বিৰি


এই ফাকি কোনোমতে মিলাই হে শেহত মোৰ টোপনিটো আহিছে। কিন্তু মই নচহাওঁ, বুজিছা নে ? কবিতাৰ Germ বোৰ যদি বীজ হয় তেন্তে ভালেই, তাৰপৰা কঠিয়া হব; আৰু যদি পোক হে, তেন্তে সেই এটাইবোৰ পাখী লগা উই-পৰুৱা হৈ কৰবালৈ উৰি যাবৰ সম্ভৱ। ”

 ভোকেন্দ্র ।—‘যাওক সেইবোৰ কথা । তুমি আহিলা ভালেই হল ; তোমাৰে সৈতে মোৰ এটা ডাঙৰ বিষয় আলচ কৰিৰ লগা হৈছে ৷ যাকে তাকে প্রাইভেট, ( বিশ্বাসী ) কথা কবও নোৱাৰি। আজি পুৱা ঘৰৰপৰা এটা টেলিগ্ৰাম পালো ; তাত লেখিছে মোৰ ‘ফাদাৰ, ( পিতাদেও ) গোন্ধেশ্বৰ বৰুৱাই কালি দিনৰ দহ বজাত প্ৰাণত্যাগ কৰিলে । অৱশ্যে মাউৰত । আগেয়ে কোনো inkling ( সঙ্কেত ) মোক কোনেও নিদি হঠাৎ মৃত্যুৰ বাতৰি দিলে । আজি দহ দিন মানৰ আগেয়ে ‘ফাদাৰ’ৰ পৰা এখন চিঠি পাইছিলো, তাত লেখা অছিল যে তেওঁৰ গৰু মহু এটাই কেইটা চবকাত পৰি মৰিল, আৰু তেওঁৰ ধাৰ-ঋণ লাগি অৱস্থা বেয়া হল ; সেইদেখি তেওঁ আৰু মোলৈ মাহে মাহে ধন পঠিয়াব নোৱাৰে ; সেইবাবে ম‍ই ঘৰলৈ উভতি যাব লাগে । পোনতে মই সেই চিঠিৰ কৰা Mere bosh (ফাঁকি) বুলি ভাবি উৰাই দিছিলো, কিন্তু তাৰ দুদিনৰ পিছত Uncle-অৰপৰা (মোমাইৰ পৰা) এখন চিঠি পাই বুজিলো যে ফাদাৰৰ সেই চিঠিৰ কথা সঁচা । এতিয়া ফাদৰো ঢুকুৱা বাতৰি হঠাৎ পালো । Now মই কৰোঁ কি ? দুবাৰ Cursed ফাৰ্ষ্ট আৰ্টচ পৰীক্ষা দিও “পাছ” হব নোৱাৰিলো; হতচিৰী হোৱা পৰীক্ষকবোৰে নিজৰ