সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
জোন-বিৰি


নোৱাৰিবা । মুঠতে কওঁ, যে আজিৰপৰা তুমি মোৰ ins- truction follow কৰি ম‍ই কোৱা মতে কাৰ্য্য কৰিবা । আৰু এট৷ কথা ম‍ই তোমাক কওঁ । তুমি লাহে লাহে তোমাৰ Shame- ful গুৱালৰ ব্যৱসায়টো এৰিবলৈ চেষ্টা কৰিবা ; কাৰণ সেইটো লাজ লগা বুলি ম‍ই think অর্থাৎ বিবেচনা কৰিছোঁ । তুমি আগয়ে যি আছিলা, এতিয়া, you are my father, তুমি মোৰ পিতাই; therefore you must behave like a gentleman, অর্থাৎ ভদ্রলোকৰ দৰে তুমি চলিব লাগিব। আইক কবা, তেওঁ

যেন ঘৰে ঘৰে ঢেং ঢেং কৰে আৰু নুফুৰে । She must keep her respect অর্থাৎ এতিয়া তেওঁ নিজৰ মান সম্ভ্রম ৰাখি ফুৰিব লাগিব । I hope অর্থাৎ আশা কৰে৷, তোমালোকে মোৰ কথাৰ অন্যথা নকৰিবা । ইতিঃ—

Yours affectionately

শ্রীভোকেন্দ্ৰ বৰুৱা ৷

 পুঃ—মোলৈ লেখা চিঠিৰ ওপৰত মোৰ বিজুগ এইদৰে লেখাবা।-

Mr. B. K. Boroah.

First year Class, Metropolitan Institution

Calcutta-

 পুঃ পুঃ—মোৰ সৰু ভনীজনীৰ ভুভুৰী নামটো সলাই ভ্ৰমৰিণী কৰিবা । কাৰণ, সময় থাকোঁতেই সেই কাম কৰা উচিত ; নাইবা, পিছত too lete হৈ পৰিলে তাক শুধৰাবলৈ মোৰ নিচি - নাকৈ বৰ কষ্ট পাব লাগিব । ভ্ৰমৰিণীক মোৰ kiss অৰ্থাৎ