কিবা চৰিত্র লেখাইছে, সেইদেখি মোৰ নামটোও সলাই মোক
গোন্ধেশ্বৰ বৰুৱা পাতিছে । তই নো কথামখাৰ আহমখা
নুবুজাকৈ কি কব লাগিছ ?”
এনেতে গোন্ধাইৰ ঘৰৰ আগেদি বগীৰাম ডাকবাবু যাওক । বগীৰামক দেখি গোন্ধায়ে মাত লগালে,—“ডাকবাবু ডাঙৰীয়া ! ডাকবাবু ডাঙৰীয়া ! ভো ভো কৰে নো কলৈ যাব লাগিছে ? এইপিনে এখন্তক আহকচোন, তামোলছালি এখনকে খাই যাওকহি।” এই কথা শুনি বগীৰাম আহি তেওঁলোকৰ ওচৰতে বহিলত, জেতুকীয়ে লৰালৰিকৈ তামোলৰ বঁটাটো উলিয়াই আনি তামোল কাটিবলৈ লাগিল ৷
গোন্ধাই ।—“বোলো ডাকবাবু ডাঙৰীয়া, আমাৰ কলিকতীয়া লৰাটোৰপৰা এই চিঠিখন আহিছে, আমাৰ তাইক এবাৰ কিৰ্পা কৰি চিঠিখন পঢ়ি শুনাই দিয়কচোন ।” এই বুলি চিঠিখন গোন্ধায়ে বগীৰামৰ হাতত দিলত বগীৰামে ডাঙৰকৈ মাতি পঢ়িবলৈ ধৰিলে :—
- “মাই ডিয়েৰ ফাদৰ,
“আজি তোমালৈ যি কথা লেখিছোঁ, মই হপ্ (hope } কৰোঁ তুমি তাত মনযোগ কৰিবা । আজি এবছৰ হবলগীয়া হল মই কলিকতালৈ আহিলো । কিন্তু আহিবৰেপৰা মোৰ মনত এটা কথাই বৰকৈ উখল-মাখল লগাই আছিল । সম্প্ৰতি তাৰ এটা মীমাংসা কৰিছোঁ । বৰ লাজৰ কথা যে মোৰ নামটো ভোকোন্দি হৈছিল । really really বাস্তবিকতে এইটো বৰ shameful লাজৰ কথা ৷ ইয়াৰ কলেজৰ লৰাই এই নামটো লৈ মোক বৰ