সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
ভোকেন্দ্ৰ বৰুৱা


ডাকত পাই, তাত নো কি লেখিছে পঢ়াই আনিবলৈ আমাৰ বেথাৰাম ভাগতীৰ ওচৰলৈ গৈছিলো। চিঠিখনত ইংৰাজী দেশী দুই কলম আছে। ভাগতী বাপুৱে ইংৰাজী সোপা এৰিও আমাৰ মাতত লেখা সোপা যি পঢ়িলে তাক শুনি মোৰ গা গোটেইটোত জ্বৰ উঠিছে। তাৰ হেনো ভোকোন্দি নামটো কিবা অসইভ হৈছিল, সেইদেখি সি সেইটো নাম ঘহি মাজি সইভ কৰিলে। হেনো এতিয়াৰপৰা মই তালৈ চিঠি লেখিলে কিবা ভোকইন্দ্ৰ বুলি লেখিব লাগিব; আৰু বৰুৱা কথাষাৰো হেনো তাৰ পিছতে যোৰাই দিব লাগিব। অৰ্থাৎ আমাৰ ভোকোন্দাই ভোকোন্দি গুচি ভোকইন্দ্ৰ বৰুৱা হৈছে হেনো।”

 জেতুকী।—"বুজিছোঁ, মোৰ বোপায়ে হাড়-মুৰ ভাঙি দুখকৈ পঢ়িছে দেখি মহাৰাণীয়ে তাক বৰুৱা পাতিছে। বোলো, মোৰ এই গেন্ধেলা মুখখনেৰেই তোমাক কওঁ, দেখি থাকিবা, মোৰ ভোকোন্দাইক মহাৰাণীয়ে মন্‌চুপু নাপাতিও নেৰে। হওক, হওক, মোৰ বোপায়ে সাত-শতুৰুৰ মুখত ছাই দি মন্‌চুপ সদৰামিন এটাইবোৰ হওক। মই দিনৌ গোসাঁইক খাটি আছো, সেইদেখি তাৰ ভাল হৈছে। তাৰ হকে আমাৰ আতাৰ থানত মই পাল-নাম এভাগি গোৱাবলৈকো আগ কৰি থৈছোঁ।”

 গোন্ধাই।—“তই নো এইখন কি বলকিছ? মহাৰাণীয়ে তাক বৰুৱা পাতিছে বুলি তোক কোনে কলে? তোৰ পুতেৰে হে আপোনা আপুনি বৰুৱা হৈছে, আৰু মোকো সি বৰুৱা পাতিছে। তাৰ আগৰ নামটো হেনো বেয়া, সেইদেখি সি সেইটো সলাই কিবা ভোকইন্দ্ৰ হৈছে। মোৰ ও হেনো সি