সেইদিনা ওৰেদিনটো গিৰিয়েক শান্ত আৰু নিমাত ; মাটিত সাৰ আছে যদিও তাৰ গাত সাৰ নাই ৷ নেগুৰ-কটা বাঘ তাৰ খংৰাগ গুচি সি সেইদিনা ভেৰাছাগলীৰ পোৱালীটি যেন হল । বাইদেৱেকৰ বুধিমতে, সেইদিনা ৰাতি কাদম্বৰীয়ে আন দিনত- কৈও বৰকৈ যতন কৰি গিৰিয়েকক খুৱাই-বুৱাই সেৱা শুশ্রূষা কৰিলে, আৰু যেতিয়া গিৰিয়েক শুবলৈ গল, তেতিয়া গিৰিয়েকক অনেক ভক্তি ভাৱ দেখুৱাই, লাহে লাহে শুধিলে, তেওঁৰ তেনে পৰিবৰ্ত্তন হোৱাৰ কাৰণ কি ? গিৰিয়েকে অনেক ভাবিচিন্তি মাত লগালে—“তই সোপাকে কেনেবাকৈ জানিছ, আৰু মোক শুধিছ কেলৈ ?”
কাদম্বৰী ।—“কোৱাচোন কোৱাঁ, ভালকৈ ভাঙি-ছিঙিয়েই কোৱাঁ, তোমাৰ বাহিৰে নো মোৰ এই পৃথিবীত কোন আছে ? মোক কলেনো কি হানি আছে ?” গিৰিয়েকে উত্তৰ দিলে—“মোৰ মুখৰ পৰা শুনিব খুজিছে শুন, কওঁ । কিন্তু মানুহৰ তো কথাই নাই, কোনো চৰাই -চিৰ্কতি পহু- পতঙ্গকো এই কথা তই নকবি। কলে, তহঁতো গলি, ময়ো গলো, নিশ্চয় জানিবি !—মোৰ ঘৰ উজনিৰ বঁটা-কুছি নামেৰে গাওঁ এখনত । সৰুতে মোৰ আই বোপাই ঢুকাল । আমাৰ ঘৰৰ ওচৰতে বৰ পণ্ডিত বামুণ এঘৰ আছিল । তেওঁৰ ঘৰলৈ মই সদায় অহা-যোৱা কৰি আছিলো । বাপুদেৱে মোক বৰ মৰম কৰিছিল । মোৰ আই-বোপাই মৰি মই নিঠৰুৱা হলত, বাপুদেৱে মোক তেওঁলোকৰ গোহালি ঘৰৰ আগছালিতে থাকিবলৈ ঠাই দি প্রতিপাল কৰিবলৈ ধৰিলে আৰু ময়ো