তোমাক মাৰিবলৈ আহিলে তুমি সেই মন্ত্ৰটো মাতি দিবা দেই ।
দেখিবা, তোমাৰ গিৰিয়েৰা এই আজিৰপৰা আৰু তোমাক
নমৰা হব।” কাদম্বৰীয়ে মানুহজনৰ কথাত, হাততে স্বর্গ
ঢুকি পোৱাদি পালে । “মোক মন্ত্ৰটো শিকাই দিয়কচোন
মোৰ দেউতা,” এই বুলি কাবৌ-কোকালি কৰি কাদম্বৰীয়ে
মানুহজনক কলত, তেওঁ কলে “শুনা, শিকাই দিওঁ। আজি
যেতিয়া তেওঁ তোমাক মাৰিবলৈ আহিব, তেতিয়া তুমি তেওঁৰ
আগত মাতিবা—
“ভোম্কেৰোলা তোৰ নাওঁ ৷ বঁটাকুছিত তোৰ গাওঁ ৷
যদি মাৰ, ভেদ ভোহাৰি পেলাওঁ ।"
মন্ত্ৰ ফাকি ভালকৈ মনত ৰাখি লৈ কাদম্বৰী ঘৰলৈ আহিল ৷ ঘৰ পালত, গিৰিয়েকে “তই নৈৰ ঘাটত ইমান পৰ কি কৰিছিলি।” বুলি, উত্তৰলৈ বাট নেচাই ঘৈণীয়েকক মাৰিবলৈ ডোখৰা খৰি এডাল তুলি খেদা দিলে । এই মাহেন্দ্ৰ যোগতে কাদম্বৰীয়ে মন্ত্ৰ মাতিলেঃ-
“ভোম্কেৰোলা তোৰ নাওঁ! বটাকুচিত তোৰ গাওঁ ।
যদি মাৰ, ভেদ ভোহাৰি পেলাওঁ ।"
মন্ত্ৰ ফাকিৰ কি মহিমা ! মতা মাত্ৰকতে গিৰিয়েকৰ মুখখন কেহে- ৰাজ-বটা যেন হল, আৰু হাতৰপৰা ডোখৰা খৰিডাল সৰি মাটিত পৰিল । সি অলপমান তবধ লাগি থিয় হৈ থাকি তাৰপৰা সুৰসুৰ কৰে গুচি গল । ঘৈণীয়েকেও মন্ত্ৰ ফাকিৰ গুণ দেখি ইমান আচৰিত মানিলে যে তাইৰ মনত খু-ধুৱাবলৈ ধৰিলে ইয়াৰ মানে কি ? তাই লৰ মাৰি বায়েকৰ ওচৰ পাই বায়েকক এই আচৰিত মন্ত্ৰৰ খবৰ দিলে । বায়েক অবাক !