সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
জোন-বিৰি


মাত লগালে— “হেৰা আইটী, তুমি কিয় কান্দিছা? তোমাৰ কি হৈছে?” সুৱালকুচীয়া তেলীয়াৰ নাও যেন নাওখন যে সেইখিনিতে আহি লাগিছিল সেইটো কাদম্বৰীয়ে তেতিয়ালৈকে লক্ষ্যকে কৰা নাছিল। মাত শুনি হঠাৎ কাদম্বৰী উচাপ খাই উঠিল। নাৱৰ ভিতৰৰপৰা ওলাই আহি আদহীয়া বয়সৰ ভাল মানুহ এজনে টিঙৰ চৰথত থিয় হৈ আকৌ মাত লগালে — “আইটী, তুমি ভয় নাখাবা, কোৱাচোন এইদৰে ভৰ দুপৰীয়া অকলৈ নৈৰ ঘাটত পানীৰ জুৱলিত বহি কিয় কান্দিছা? চোৱাঁ- চোন আইটী, ম‍ই বুঢ়া মানুহ, তুমি মোৰ জীৰ নিচিনা। তোমাৰ মুখখন দেখি সচাকৈয়ে মোৰ জী প্ৰতিমালৈ মনত পৰিছে। কোৱাঁ মোৰ আইদেও, তোমাৰ কিহৰ বেজাৰ?”

 মানুহজনে মিঠা মিঠাকৈ এনেকৈ কাদম্বৰীক কথা শুধিবলৈ ধৰিলে যে ক্ষন্তেকতে কাদম্বৰীৰ বিশ্বাস সেই মানুহ জনৰ ওপৰত সোপাই সোমাল। কাদম্বৰীয়ে তাইৰ সকলো দুখৰ কথা তেওঁৰ আগত ভাঙি কলে। কাদম্বৰীৰ কথাৰ ওৰ পৰিলত, যেন চাট্ কৰে কিবা এটা কথা মানুহজনৰ মনত পৰিল। তেওঁ শুধিলে, তোমাৰ গিৰিয়েৰা দেখিবলৈ অলপ শাওঁবৰণীয়া নহয় নে? আৰু তেওঁৰ মুখত অলপ গুটি-সাঁচ আছে নহয় নে? কপালত এটা ঘোৰাৰ টাবৰ নিচিনা সাঁচ আছে নে? আগদাঁত এটা অলপ ভগা নহয় নে?” ইত্যাদি প্ৰশ্নৰ উত্তৰত “হয়” এই উত্তৰ তেওঁ কাদম্বৰীৰ পৰা পালে। তেওঁ কলে – “আইটী, তোমাক মোৰ জী বুলিছোঁ। তুমি আৰু নাকান্দিবা, বেজাৰ নকৰিবা। মই এটা মন্ত্ৰ আজি তোমাক শিকাই দিওঁ; তোমাৰ গিৰিয়েৰাই