জীয়েক দুজনীক বিয়া দিয়াৰ এবছৰৰ পিছত ঈশ্বৰৰ ইচ্ছাত
বিদ্যাৰত্নৰ মৃত্যু হল। বিদ্যাৰত্নৰ মৃত্যুৰ পিছৰপৰাই, জোৱাঁ-
য়েকৰ লুকাই থকা উগ্ৰ স্বভাৱ লাহে লাহে ফুটি ওলাবলৈ ধৰিলে।
তেওঁ শহুৰেকৰ বিষয় সম্পত্তিৰ আৰু কণ্যা দুটীৰ অধিকাৰী হৈ
জগতক তৃণৰ নিচিনা দেখিবলৈ ধৰিলে। বিনাদোষতে বা অলপ
দোষতে তেওঁ দিনৌ ঘৈণীয়েকহঁতক কিলায়। লাহে লাহে
তেওঁৰ এই স্বভাৱ ইমান বদ্ধমূল হলগৈ যে ঘৈণীয়েকহঁতক
কিলোৱাটো তেওঁৰ নিত্য-নৈমিত্তিক কাৰ্য্যৰ ভিতৰত পৰিলগৈ।
বিদ্যাৰত্নৰ বৰজনী জীয়েকৰ নাম মেদিনী আৰু সৰুজনীৰ নাম কাদম্বৰী আছিল। মেদিনীৰ নামটো যেনে স্বভাৱটোও তেনে আছিল। মেদিনীয়ে গিৰিয়েকৰ মাৰ কিল অত্যাচাৰ সকলো দিনৌ ধৈৰ্য্য ধৰি সহিছিল। কিন্তু কাদম্বৰীৰ স্বভাৱ তেনে নাছিল। কাদম্বৰীৰ স্বভাৱ তাৰ সম্পূৰ্ণ বিপৰীত। কাদম্বৰীয়ে মাৰ খাই তাক গালিৰে শুতাইছিল; আৰু তেনে কৰি গিৰিয়েকৰ হাতত আৰু সৰহকৈ মাৰ কিল খাইছিল; কিন্তু কাদম্বৰী নিষ্কাম। তেওঁ ফলাফলৰ অপেক্ষা নাৰাখিছিল।
দুয়ো বায়েক ভনীয়েকৰ মনত বৰ বেজাৰ দুইৰো সদায় এইদৰে দুখত কাল যাবলৈ ধৰিলে
দৈবক্ৰমে এদিন এটা ঘটনা ঘটিল, যাৰ ফল নাভূত-নাশ্ৰুতৰূপে দেখা দিলে। এদিন দুপৰীয়া খুব মাৰ কিল খাই, কাদম্বৰীয়ে কাঁহী বাটি এগলি লৈ নৈৰ ঘাটত পানী জুৱলিতে থৈ, বহি চকুৰ-লো টুকি আছে, এনেতে কৰবাৰপৰা সেই খিনিতে নাও এখন লাগিলহি। নাৱৰ ভিতৰৰপৰা এজন মানুহে