সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৪
জোন-বিৰি ।


মানুহ। তেওঁ মঙ্গলদৈত এজন বৰ নাম-জ্বলা পণ্ডিত আছিল। এদিন তেওঁ দুপৰীয়া খাই-বৈ চৰাঘৰতে বহি এখন পুথি চাই আছে, এনেতে ফোঁট লগুণ পিন্ধা শুৱনি ডেকা লৰা এটি তেওঁৰ আগত উপস্থিত হলহি। বিদ্যাৰত্নই তেওঁক কোন বুলি শুধিলত ডেকা লৰাটিয়ে উত্তৰ দিলে, —মই “ব্ৰাহ্মণৰ লৰা; মোৰ ঘৰ উজনিৰ গৰগাঁও চহৰত। মোৰ নাম বেদনাথ। মই পিতৃ মাতৃহীন অনাথ বালক; মোৰ কেওঁ-কিছু নাই। সৰুৰেপৰা মোৰ সংস্কৃত বিদ্যা শিকিবৰ নিমিত্তে বৰ আগ্ৰহ। আপোনাৰ নাম আৰু যশস্যা শুনি মোৰ আশা পূৰ্ণ হব বুলি ভাবি আপোনাৰ ওচৰলৈ আহিছোঁ। অনাথ ব্ৰাহ্মণ সন্তানক দয়া কৰিলে কৰিব পাৰে। মোৰ কি আছে কি দিম। ঈশ্বৰে আপোনাৰ ভাল কৰিব ইয়াকে কওঁ।”

 এই কথা শুনি আৰু ডেকালৰাটিৰ সুন্দৰ মুখশ্ৰী দেখি, দয়ালু বিদ্যাৰত্নৰ দয়া উপজিল। তেওঁ ডেকাক আশ্বাস কৰি নিজৰ ঘৰতে ৰাখি সংস্কৃত শাস্ত্ৰ পঢ়াবলৈ ধৰিলে। চোকাবুধীয়া ডেকাই অলপ দিনৰ ভিতৰতে নিজৰ কৃতিত্ব দেখুৱাই বিদ্যাৰত্ন মহাশয়ৰ হৃদয় অধিকাৰ কৰি পেলালে; আৰু উদাৰ বিদ্যাৰত্নই ডেকাক নিজৰ পো যেনকৈ যত্ন কৰি সংস্কৃত শাস্ত্ৰ পঢ়াবলৈ ধৰিলে।

 বিদ্যাৰত্ন মহাশয় অপুত্ৰক আছিল। দুটী জীয়েক মাথোন তেওঁৰ সৰ্ব্বহ। তালজুৰীয়া দুইজনী জীয়েকক বিয়া দিবৰ সময় হৈছিলহি। তেওঁ অনেক ভাবি চিন্তি থিৰ কৰি সেই ডেকালৈকে দুইজনী জীয়েকক বিয়া দি ডেকাক ঘৰজোৱাই কৰি ৰাখিলে। ডেকাও পৰম আপ্যায়িত হৈ বিস্তাৰত্নৰ পুতেকৰ ঠাই অধিকাৰ কৰি ধন-সম্পত্তিৰ মালিক হল।