সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
ভোম্‌কেৰোলা।


কোৱাচোন, এইটো নো কৰপৰা আমাৰ দেশত ভোম্কেৰোলা ওলালহি? আগেয়ে দেখোন আমি এই কেৰোলাৰ নাম শুনা নাই? আমি তিতা কেৰোলা, ভাত-কেৰোলাকে আদি কৰি অনেক কেৰোলাৰ নাম শুনিছোঁ, দেখিছোঁ, খাইছোঁ, কিন্তু ভোম্কেৰোলা দেখা নাই, তাৰ নাম শুনা নাই দেখোন একা? এইটো কেৰোলা নো ইমান দিন কত আছিল? এইটো কিবা বিলাতী কেৰোলা নে কি?” ঘৈণীয়েকৰ কথা শুনি সৃষ্টিধৰে হাঁহি উত্তৰ দিলে – “তুমিও দেখোন কিবা আকৰী হৈ আহিলাহেঁ! ভোম্‌কেৰোলা জানো কেৰোলা? ভোম্‌কেৰোলা কেৰোলা নহয়, এজন মানুহৰ নাম হে। অৱশ্যে গুপুত নাম। সেই মানুহজন হৈছে আমাৰ ইয়াৰ স্কুলৰ পণ্ডিত। অৱশ্যে তেওঁৰ নাম সকলোৱে জানে সীতানাথ শৰ্ম্মা বিদ্যা ৰত্ন বুলি। আজি মই মঙ্গলদৈৰ মানুহ এজনৰ মুখেহে এই পণ্ডিতৰ আতিগুৰি শুনিবলৈ পাই, তেওঁৰ পুৰণি ভোম্কেৰোলা নামেৰে সৈতে বৃত্তান্তটো জানিলো। জানি আজি গধূলি পণ্ডিতক এবাৰ চাই আহোঁগৈ বুলি তেওঁৰ ঘৰলৈ গৈছিলো; তাতে কথা পাতি বহি থাকোঁতেহে মোৰ অহাত পলম হল।”

 ঘৈণীয়েক।— কিনো বিতানত শুনিলা কোৱাচোন আমিও শুনো?”

 সৃষ্টিধৰ। “বৰ আশ্চৰ্য্য কথা। যদি সচাঁ হয়, তেস্তে এই ভোম্কেৰোলা বৰ ভয়ানক কেৰোলা, আমি চিনি-জানি পোৱা কোনো কেৰোলাই এই কেৰোলাৰ ওচৰ চাপিব নোৱাৰে। শুনা কওঁ,—সৰ্ব্বেশ্বৰ ভট্টাচাৰ্য বিদ্যাৰত্ন মঙ্গলদৈৰ মাতঃবৰ