সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
জোন-বিৰি


চিয়ৰটোৰ পিছত সন্তোষে উচুপি উচুপি কান্দিবলৈ ধৰিলে। বাপেক মাক দুয়ো বিব্ৰত, কোনোমতেই সন্তোষ নিচুক নহয়।

 কিছুমান বেলিৰ মূৰত সন্তোষকুমাৰ নিচুক হল। তাৰ কি হৈছিল, কিয় সি সেইদৰে ভয় খাই কান্দিছিল তাৰ কাৰণ সৃষ্টি- ধৰে শুধি শুধি উলিয়াবলৈ চেষ্টা কৰিবলৈ ধৰিলে।

 “কচোন মইনা তই কিয় এইদৰে কান্দিছিলি?” কিছুমান বেলিৰ মূৰত সন্তোষে কলে “ভোম্কেলোলা!” বাপেকে শুধিলে “ভোমকেৰোলা? কি হল?” সন্তোষে কলে ভোম্‌কেলোলা, আমাল ঘলৈ আহিথে নে দেতা? কত আথে? আমাল বল আমজোপাত উঠি আথে নে দেতা? মোক ধলি নিব নে?”

 এই কথা শুনি সন্তোষৰ ভয়ৰ কাৰণটো বুজিব পাৰি মাক বাপেকে দুয়ো ইমানকৈ ঢেক্ঢেক্‌ কৰে হাঁহিবলৈ ধৰিলে যেন তেওঁলোকৰ ঘৰটোৱে মাত লগালে "পৰোঁ ”, "পৰোঁ ", মাক বাপেকৰ এই হাঁহিৰ ৰোল শুনি সন্তোষো নিতাল। সৃষ্টিধৰে মাত লগালে “গুচ,, তোৰ নিচিনা আকৰা লৰা মই কতো দেখা নাই ভোম্‌কেৰোলা আকৌ কি আমগছত উঠি থাকিব হেৰ? ভোম্‌- কোৰোলা তো ভূত নহয়, ভোকেৰোলা মানুহ; আমাৰ স্কুলৰ পণ্ডিত; ইয়ালৈ ন-কৈ আহিছে।”

 ইয়াৰ পিছতো সন্তোষৰ ভয় ভালকৈ নুগুচা দেখি, তেওঁ - লোকে ভোকেৰোলাৰ কথা স্থগিত ৰাখি আন কথা পাতিবলৈ ধৰিলে।

 কিছুমান বেলিৰ মূৰত সন্তোষৰ টোপনি আহিল। সৃষ্টিধৰৰ ভাৰ্য্যাই তেতিয়া লাহেকৈ স্বামীক শুধিলে— বাৰু সঁচাকৈয়ে