মল ধৰিলে, তথাপি ডাঙৰীয়া নুভতিল। হাকিমনীৰ মনত নানা
ভাব, নানা অশান্তি। ‘আজি আহকচোন, মই যদি আমুকী
হওঁ ভালকৈ এসেকা দিম ইত্যাদি, খঙৰ ঘৰত ওপজা সঙ্কল্প,
অভিমানৰ কোলাত ডাঙৰ হোৱা প্ৰতিজ্ঞা, হাকিমনীৰ মনত কত
ওলাইছে কত মাৰ গৈছে তাৰ লেখজোখ নাই। ঠিক ৯ বাজি
তিনি মিনিট যোৱাত শ্ৰীমতী লাহৰী দেবীয়ে তেওঁলোকৰ পদূলিৰ
মূৰত গিৰিয়েকৰ সঁহাৰি পালে। লাহৰীয়ে বুজিলে সৃষ্টিধৰৰ আশু
প্ৰবেশ উপস্থিত। তেওঁ লৰাটো ভালকৈ কোলাত সামৰি লৈ,
গালখন ওফোন্দাই আৰু কপালৰ গাঁঠিটো লৈ ঘোৰ মূৰ্ত্তি
ধৰিলে।
সৃষ্টিধৰে ঘৰ সোমায়েই, ঘৈণীয়েকৰ মুখৰ ফালে চায়েই বুজিব পাৰিলে, যে হাকিমনীৰ আদালতৰ পৰা তেওঁৰ “কৈফিয়ৎ তলপ” হৈছে।
সৃষ্টিধৰে সবিনয় নিবেদন কৰিলে – “মোৰ আজি অলপ বেলি হল, মই বুজিছোঁ। সেই ভোম্ কেৰোলা পণ্ডিতৰ ঘৰলৈ গৈছিলোম, তাতে বহি থাকোঁতে হে পলম হল।”
লাহৰী।— ( আচৰিত হৈ ) "কাৰ ঘৰলৈ?”
সৃষ্টিধৰ।— “ভোম্ কেৰোলা পণ্ডিতৰ ঘৰলৈ।”
লাহৰী।— “কোন ভোম্ কেৰোলা বোলা হেঁ? এইটো নো আকৌ কোন ভোম্ কেৰোলা ওলালহি ইয়াত?”
সন্তোষকুমাৰে বাপেকক দেখি মাকৰ কোলাৰপৰা মুখখন উলিয়াইছিল; কিন্তু এনেতে হঠাৎ সি এনেকৈ চিয়ৰ মাৰি দিলে যে, মাক বাপেক দুয়ো, লৰাটোৰ কি হল বুলি ব্যস্ত হৈ পৰিল।