সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
জোন-বিৰি

টোপনিত এইটো সমাজিক দেখিলো:—মোৰ শোৱাপাটীৰ চাৰিউফালে অসংখ্য কেচুৱা লৰাই মোক বেঢ়ি কান্দিব লাগিছে। ইমানবোৰ কেচুৱা লৰা কৰপৰা কিয় আহি মোক বেঢ়ি ধৰি কান্দিছে মই বুজিব নোৱাৰি মাত লগালো “বোপাইহঁত! মোৰ চিকুণিহঁত! তহঁত কৰপৰা আহিছ? তহঁতৰ কি হৈছে? কিয় কান্দিছ মোক কচোন?” মোৰ প্ৰশ্ন শুনি সিহঁতে সিহঁতৰ কণ কণ মুখবোৰেৰে মাত লগাই উত্তৰ দিলে;—“আমাক তই এতিয়া চিনিকে নোপোৱা হলি! আমি কিয় কান্দিছো নজনাই হলি! নিষ্ঠুৰ! তই আমাৰ আইক কিন্তু বধ কৰিলি? তেওঁ তোৰ কি জগৰ কৰিছিল? তই আমাক মাউৰা কৰিলি কিয়? পপীয়া! লুভীয়া! তই আমাকো মাৰি পেলা! আমাকো মাৰি খাই পেলা! হায়! তই আমাক মাৰি দেখোন আমাৰ দুখীয়া আইক এৰি দিব পাৰিলিহেঁতেন। আমাকো তই আজি মাৰিব লাগিব, নহলে আমি তোক নেৰোঁ। তোৰ হাতত মৰিবলৈ বুলি থিক কৰিহে আমি আজি তোৰ গুৰিলৈ আহিছোঁহঁক। আমাক এতিয়াই মাৰ, মাৰ, মাৰ, নামাৰিলে তোক আমি নেৰোঁ!”

 হঠাৎ চাট্‌কৰে মোৰ টোপনি ভাগিল। মই খপ্ কৰে উঠি শোৱাপাটীতে বহিলো। দুখ শোক আৰু অনুতাপত মোৰ হৃদয় দগধ হল। সেই অৱস্থাতে মই ভালেখিনি পৰ থাকি, পূবেৰুণ দি আহিলত পাটীৰপৰা নামি গৈ, ঘৰৰ পানীপাছত আৰি থোৱা দাড়িৰে সৈতে বৰশীটো ডোখৰ-ডোখৰকৈ ভাঙি দলিয়াই পেলালো; আৰু তেতিয়াই শপত খালো যে “মোৰ জীৱৰ্দ্দশাত মই আৰু বৰশীত হাত নিদিওঁ।”