কথায়েই নাই, সাত্ত্বিক প্ৰকৃতিৰ মানুহৰ স্বভাবো প্ৰলোভন দোলেৰে টান নাখাই নাথাকিছিল।
এদিন মই আমাৰ পুখুৰীত বৰশী বাই থাকোঁতে এবাহ পোনাৰে এটা শল মাছ দেখিলো। ৰঙচুৱা পোনাবাহ একে ঠাইতে থুপখাই এনেকৈ পানীৰ ওপৰলৈ উঠিছে আৰু তললৈ নামিছে যে, ঠিক যেন একঠা ৰঙা সৰিয়হ কিবা এক প্ৰকাৰে দীঘলীয়া হৈ পানীত সেইদৰে উঠা নমা কৰি সাতুৰিব লাগিছে। হঠাৎ সিহঁতক দেখিলে কোনোৰ মনত খেলাব যেন এটা ফুলা পদুম ফুলৰ ভিতৰৰ চকাৰ চাৰিউফালৰ পাপৰিবোৰে চলিবৰ ক্ষমতা লভি সেইদৰে চলা-ফুৰা কৰিব লাগিছে। ক্ষন্তেকমান এক দৃষ্টিৰে চাই থাকি দেখিলো যে পোনাবাহৰ তলতে সন্তানবৎসল মাক শল মাছটোৱে সতৰ্কভাৱে থাকি সিহঁতক ৰখি চলাই লৈ ফুৰিছে আৰু পোনাবোৰে মাতৃস্নেহ-ৰসত আপ্লুত হৈ আনন্দত নাচি নাচি ওপৰৰপৰা তললৈ গৈ মাকৰ ওচৰ পাইছে আৰু চঞ্চল স্বভাৱৰ গুণে ততালিকে তলৰপৰ নাচি নাচি ওপৰলৈ উঠিছে। সেই স্বৰ্গীয় দৃশ্য দেৱতাৰহে উপভোগ্য, লুভীয়া মানুহৰ নহয়।
নিমিষতে মোৰ হিংসাকুৰীয়া লুভীয়া স্বভাৱ উত্তেজিত হৈ উঠিল; আৰু পিছ নুগুণি নিকৰুণভাৱে, বৰলৰ টোপেৰে গধুৰ বৰশীটো পোনাবাহৰ মাজত পেলাই দিলো। নিমিষতে পোনাবাহৰ মাকে মোৰ দৰেই পিছ নুগুণি লোভত, সম্ভৱতঃ খঙত, টোপেসৈতে সেই বৰশীতো গিলি পেলালে। মই চিপ মাৰি দিলো, আৰু, আৰু তাৰ পিছতে সেই শল মাছটো আজলা আৰু