পাহৰিলে নে কি কত, বাৰ কত দিন তেনে ছোৱালীৰ ফালে আকুল প্রাণেৰে হেঁপাহৰ চকুৰে লোভ টুকি টুকি চাবলৈ আপুনি মোক উচটাই দিছিল ? সেইবোৰ কথা আজি পাহৰিলে বৰ দুখৰ কথা হব। আন নহলে আপোনাৰ নিজৰ সন্মান ৰক্ষাৰ নিমিত্তেও সেই কথা আপুনি পাহৰাটো উচিত নহয় । আপুনি ভদ্রলোক, ধাৰ্ম্মিক, সত্যবাদী বুলি আপোনাৰ সুখ্যাতি আছে ; এনে স্থলত বহু পৰিশ্ৰমেৰে উপার্জিত সেইবোৰ থিতাতে আপুনি দলিয়াই পেলোৱাটো উচিত নে ? আপুনি মোক গছত তুলি তাৰ গুৰিডাল কাটিবলৈ যোৱাটো যে অধমৰ কথা হব, সেইটো আপোনাৰ মনত খেলোৱা নাই নে ?
মই । “আপুনি কি বলকিছে ? কিবা ৰাগী-টাগি লগাই আহিছে নেকি ? মই আপোনাক তেনে কামলৈ কেতিয়া উচ টাইছিলো ? কি ভয়নাক মিছা কথা !”
আলহী । “অলপো মিছা নহয় । এধানমানো মিছা নহয় । উচটাইছিল! উচটাই মোক পাঁচি দিছিল ! কত দিন কত বাৰ, তাৰ লেখ-জোখ নাই ৷ আপুনি এটাইবোৰ পাহৰিছে ; পাহৰা উচিত নহয় । মই কেতিয়াও মিছা নকওঁ, আৰু কোৱা নাই ৷ মই মিছা কথাৰ মানুহ নহওঁ ৷ আপুনিও মিছা কৈছে বুলি মই নকওঁ ; আপুনি মাথোন পাহৰিছে । অকল সেইটোলৈ মোক উচটোৱা হে নালাগে, কত কামলৈ, তেনেকুৱা আৰু আন কত বিধৰ কামলৈ আপুনি মোক সততে উচটাই পঠিয়াই আগবঢ়াই দি আতৰত থিয় হৈ ৰং চাইছিল তাৰ সীমা সংখ্যা নাই। সেই বোৰ এতিয়া কৈ কি লাভ ? এই সামান্য কথাটোকে আপুনি