সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
মোৰে সৈতে মনাইৰ দন্দ


লগাই ললে । তাৰ ভিতৰতে লাহেকৈ ম‍ই মাত লগালো,— “কৈ যাওক, কৈ যাওক, নৰব, শুনিবলৈ ভাল লাগিছে ৷ এইবোৰৰ লগতে দিপ্ লিপ্ ৰাজকন্যা এটীৰ “দাবিটো” নাপাহৰিব ।”

 মোৰ কথাষাৰ শুনি আলহীয়ে টানকৈ চেলেউটোত হোপা মাৰি ধোৱাঁ টানি লৈ সেই ধোৱাঁ নাকেদি দীঘলীয়াকৈ উলিয়াই কলে, “কিয় পাহৰিম ? দিপ্ লিপ্ কণ্যা তো লাগিবই । সেই কথালৈ যাব লাগিছোঁ ।”

 মই । “যাওক ; বাটতে থমকি নৰব ; সেইটোও কৈ পেলাওক, বাকী নথব ।”

 আলহী । “কলে কিবা নৰজিব বুলি ভাবিছে নে কি ? কম ; কৈছোঁ ; কলে' ; এশবাৰ কম : হাজাৰবাৰ কম; পৰত কম ; ঘৰত কম, লাগে যদি বৰ ঘৰৰ চালৰ মুধত উঠি কম, যে মোক ৰজাৰ জীয়াৰীৰ নিচিনা বঢ়িয়া আৰু অপেচৰাৰ নিচিনা ধুনীয়া ছোৱালী এজনী এইবোৰৰ সৈতে লাগিবই লাগিব ৷ নহলে, এনে ঘৰ বাৰী বাগিছা টকা পইচা কাৰে সৈতে ম‍ই ভোগ কৰিম ? এই কথাটো কবলৈ যদিও মই পিচলৈ থৈছিলো, এইটো কিন্তু ঘাই কথা ।”

 মই । "জকৰ, জৰুৰ, অল্ বৎ অল্ বৎ !"

 আলহী ৷ “পেংলাই নকৰিব । ই পেংলাইৰ কথা নহয় । গধূৰ কথা ঠাট্টা কৰি উৰাই দিবলৈ যোৱাটো অভদ্রতা । আৰু সি কেতিয়াও নুৰেও । মানুহক টুটুৱাই থাকি সুখ উপভোগ কৰাটো কোনো কোনোৰ পক্ষে ৰঙৰ কথা হব পাৰে, কিন্তু যাক টুটুৱাই থকা যায় তাৰ প্ৰতি সেইটো ভয়ঙ্কৰ নিষ্ঠুৰতা । আপুনি