শম্ভূ।—কি, জ্বৰ হৈছে নে? চাওঁ।
[ শোৱাপাটীত বহি ভৱানীৰ ককালত হাত দিয়ে।]
ভৱানী!—সেই ফেৰাইহে বাকী আছে। —উস্! —আস্! ইস!—
(চেনেহীৰ প্ৰবেশ )
চেনেহী।—আই, হেল আই, মোল ভোক আগিছে, দলপান দে।
[পাটীত উঠি মাকৰ গাৰ ওপৰত পৰে]
ভৱানী।—উস্! উস্! তইও আহিছনে মোক খাবলৈ? জলপান বুলি মোৰ মূৰটোকে খা। গাৰ বিষত লৰচৰ কৰিব পৰা নাই মই মানুহজনীয়ে, আটায়ে খাওঁ খাওঁ লগাইছে!
শম্ভূ।—গা বেয়া যদি উঠিব নালাগে, শুই থাকাঁ। মই আজি বেজবৰুৱাৰ ঘৰৰ পৰা বিষৰ তেল আনি দিম, সেই তেল ঘহিলেই ভাল হব। চেনেহী আহ, মাৰক আমনি নকৰিবি; মাৰৰ নৰীয়া হৈছে নেদেখিছ। মই জলপান খাবলৈ দিম আহ।
[ ঠোন্-ঠোনাই কন্দা চেনেহীক কোলাত তুলি লৈ শম্ভূ বাহিৰলৈ আহে।
দ্বিতীয় দৰ্শন
(পুৱা ১০ বজা। আলিবাট।)
ঘিণাৰাম পেস্কাৰ—সেইটি নকলনবিচ ডাঙৰীয়া নে? ৰব মইও গৈছোঁ। আজি আমি গৰহাজিৰ হমহঁক যেন পাওঁ। হাকিম যে খুব সোনকালে কছাৰীলৈ আহিবলৈ ধৰিছে।
শম্ভূ।—আহক, গৰহাজিৰ নহওঁ, দহহে বজিছে।