প্ৰথম ঘূমটিৰ অন্তত সাৰ পালো। মোৰ টেঙা পানী উঠা
আৰু বুকুত অলপ খোচা-বিন্ধা কৰা যেন পালো। বুজিলো,
যদিও বন্ধুভাৱে পিঠগুৰি মোৰ অন্তঃপুৰত প্ৰবেশ কৰিছিল,
তথাপি সি “পূৰ্ব্ব শত্ৰু মনে জানি” মোৰ বুকুত “শৰ হানি”
শত্ৰুতাচৰণ কৰিবলৈ পাহৰা নাই। “স্বভাৱো যাদৃশো যস্য ন
জহাতি কদাচন” এই পুৰণি শ্লোক মাতি মনৰ ক্ষোভ মিটাই
পাটীতে আকৌ লুটি-বাগৰ দি টলকা মাৰি ৰলো। সেই ভাৱে
পৰি থাকোঁতেই মোৰ টোপনি আহিল! কিমান পৰৰ মূৰত
কব নোৱাৰো, তলত লেখা সমাজিকটো দেখিলোঃ—
মই গৈ ৰাতিপুৱা দেখা সেই মৈদামটো পালো। তাৰ ওপৰত আগৰ দৰেই বহি থকাৰ পিছত দেখিলো, মৈদামটো শামুক এটা মেল খোৱাদি মেল খালে। তাৰ ভিতৰত কি ভয়ঙ্কৰ দৃশ্য!
দুটা হাতীৰ জকা। পাঁচোটা ঘোৰাৰ জকা। এমখা মানুহৰ জকা ( লৰা আৰু ডাঙৰৰ )। দুটা মানুহৰ জকাই হাতেৰে দুটা আৰিয়া ধৰি আছে; আৰু জ্বলি থকা সেই আৰিয়া দুটাই মৈদামটোৰ ভিতৰখন পোহৰাই থৈছে। দেখিলো তাৰ ভিতৰ খন ছালপীৰা, বৰপীৰা, মেৰঢৰা, বঁটা, শৰাই, পিকদানি, লোটা, বাটী, কাঁহী, কলহ, খাবৰ বস্তু, পিন্ধিবৰ কাপোৰ কানি ইত্যাদিৰে ভৰপূৰ! সেইবোৰ মই চাই থাকোঁতে থাকোঁতেই হঠাৎ দেখিলো, জকাবোৰে, হুচৰি গোৱা মানুহৰ দৰে ঘূৰি ঘূৰি নাচিবলৈ ধৰিলে, অথচ সিহঁতৰ মুখত মাত নাই। সেই অদ্ভুত নাচ দেখি ভৰত যোৰ মুখখন শুকাই গল, বুকখন ঢপ ঢপাবলৈ ধৰিলে, গাৰ নোম-