ক'ত কষ্টে তোমাৰ এই বাড়ীৰ — তাইৰ কথাই গৈ এই খিনি পাওঁতেই নাঙলুৱে লৰ মাৰি “গোচলখানাত” অর্থাৎ গা-ধোৱা ঘৰৰ ভিতৰত সোমাই দুৱাৰ-দাং মাৰি পেলালে । কামিনী অলপ পৰ সেই অৱস্থাতে তাত থিয় দি থাকি, কিংকর্তব্যবিমূঢ় হৈ লাহে লাহে তাৰ পৰা নামি ওলাই গুচি আহিল । তাই চিৰিত নামি যাওঁতে কুঞ্জলাল নামেৰে বঙালী ছাতৰ এজনে তাইক দেখি, তাই কোন বুলি শুধিলত, কামিনীয়ে “আমি ওদেৰ বাড়ীৰ ঝী, তোমাদেৰ মেচেৰ ঝীৰ সঙ্গে দেখা করতে এসেছিলুম” বুলি হুচ- হুচ কৰে নামি গুচি গল । বঙ্গালী ছাত্ৰজনৰ কিন্তু তাইৰ কথাত মনৰ খুকুৰি নুগুছিল, কাৰণ তাই সেই নাঙলু থকা খোটালি টোৰ ফালৰপৰা অহা যেন তেওঁ দেখিছিল ।
সেইদিনা নাঙলুৰ মনৰ অৱস্থা কেনে হৈছিল আমি বর্ণনা নকৰোঁ। মুঠতে কওঁ, কামিনীৰে সৈতে তেওঁৰ সাক্ষাৎ হোৱা সেই অশান্তিকৰ ঘটনাৰ পিছত তেওঁ আৰু সেই দিনা অলপো পঢ়াশুনা কৰিব নোৱাৰিলে।
কামিনীরে বেজাইৰ বোজা মনত বান্ধি লৈ মেচৰ বনবাৰি কৰি অতাই অনেক ভাবি অনেক চিত্তি শেহত “জান, আমি হাতেৰ লক্ষ্মী পায়ে ঠেলে ফেলিছি, এখন দুঃখু কৰলে কি হবে ?” নিজকে এই দৰে ডাঙৰকৈ ফুটাই মাতি সম্বোধন কৰি প্রবোধ দি শুই থাকিল । মেচৰ ঝীবোৰে মেচত কাম কৰি আহি ৰাতি নিজৰ ঘৰত শুই থাকে। সেইদিনা ৰাতি কামিনীয়ে শুই থাকোঁতে সমাজিকতে এবাৰ এফাকি গান গাই পেলাইছিল । তাই কেতিয়াবা শুনি থোৱা গান এটাৰ এই দুফাকি গুৰি ।– “এত