ৰূপে নাঙলুৰ কবিতাৰ শিৰডালত টান টোকৰ এটা মাৰি ফুটাই
দিলত তাৰপৰা তেওঁৰ কবিতাৰ ৰস ফি ফি কৰে ওলাবলৈ
ধৰিলে। লাভৰ ভিতৰত, নাঙলুৰ দু-অনা পইচা খৰচ হল।
অৰ্থাৎ তেতিয়াই নাঙলুৱে শ্ৰীৰামপুৰীয়া কাগজ এক দিস্তা
কিনি আনি চতুৰ্দশপদী, দ্বিপদী, ত্ৰিপদী, আপদী, বিপদী,
নানাবিধৰ প্ৰেম, প্ৰণয়, বিৰহ, বিচ্ছেদ, মিলন, মিশ্ৰণ আদি কবিতা
লেখিবলৈ ধৰিলে। তেওঁৰ সেই জতুৱা কবিতাৰ নমুনাৰ
নিমিত্তে পাঠকসকলৰ ক্ষুধা বাঢ়িব পাৰে, সেইদেখি তলত টুকি
দুশাৰী দিলো -
“শিৰীষ সেউতী, তমাল মালতী, লবঙ্গ বাগী গুলাল।
এতিয়াই দেখা দি, প্ৰাণ হৰি নি, বাগি দিন কলৈ পলাল।”
এদিন এটা ক্ষুদ্ৰ ঘটনা ঘটিল, যাৰ বৃহৎ ফল বা কুফলত নাঙলুৰ জীৱনত প্ৰথম আথান্তৰ মিলিল। সেইদিনা দেওবাৰ। দুপৰীয়া খাই-বৈ উঠি নাঙলুৱে শিৰীষক আদৰকৈ মাতি নি তেওঁৰ পঢ়া খোটালীত সুমাই-কবিতাৰ বহিটো মেলি স্বৰচিত কবিতা এটিত তেওঁৰ প্ৰাণৰ সোপাকে আবেগ আৰু উদ্বেগ ঢালি দি পঢ়ি শুনা- ইছে; এনেতে দৈবাৎ সেইফালেই মীনকান্ত পেস্কাৰ যাওক! নাঙলু কবিৰ কাব্য ভুমুকৰ ধ্বনি তেওঁৰ কাণত পৰিলত, তেওঁ কি হৈছে চাওঁ বুলি হঠাৎ সেই খোটালীত সোমালগৈ। নিলাজীফুলৰ পাতত হাত লাগিলে পাতবোৰ জাপ খাই যোৱাদি ততালিকে নাঙলুৰ বহিৰ পাত জাপ খাই গল, আৰু মূৰে সৈতে মুখ লাজত ওলমি পৰিল। মীনকান্তই, নাঙলুৰ হাতৰপৰা বহিটো থাপ্ মাৰি কাঢ়ি আনি তাত চকু ফুৰাই চালে। তেওঁ দেখি অবাক হল