সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
নাঙলুচন্দ্র দাস


নৰপতি অৰিমৰ্দ্দনে ৰাজদূত কৰি আসামৰ ৰজাৰ ওচৰলৈ কোনো ৰাজকাৰ্য্যৰ গুৰুভাৰ দি প্ৰেৰণ কৰে। তেওঁ সেই কাৰ্য্য সুচাৰুৰূপে সম্পাদন কৰি প্ৰত্যাগমন কৰিবৰ আয়োজন কৰোঁতেই আসাম ৰজাই তেওঁৰ যোগ্যতাৰ প্ৰমাণ আৰু বদনকান্তি পৰিদৰ্শন কৰি তেওঁক ৰাখি স্বৰাজ্য উজ্জ্বল কৰিবৰ মনেৰে অতি অনুনয় বিনয় কৰি ৰাখি উত্তৰ-লক্ষীমপুৰ অঞ্চলত দাস দাসী ভূমি আদি দান কৰি স্থাপন কৰিলে। শাস্ত্ৰত কয়, কমলা সদায় চঞ্চলা। “সমা- য়াতি যদা লক্ষ্মী নাৰিকেলফলাম্বুবৎ। বিনিৰ্যাতি যদা লক্ষ্মী গজভুক্তকপিত্থবৎ॥ লক্ষ্মী আৰ্য্যকুমাৰৰ ঘৰত তেওঁলোকৰ তিনি পুৰুষলৈকে থাকি শেহত উৰু উৰু চাটি-ফুটি কৰিবলৈ ধৰিলে। গতিকে তেওঁ এদিন ডফলাৰ উপদ্ৰৱৰ চেলু লৈ এই প্ৰাচীন পৰি- বাৰ পৰিত্যাগ কৰি অন্যত্ৰ গতি কৰিলে। এই পৰিয়ালৰ নাম নিৰ দশম পুৰুষ লয়নাত আকৌ লক্ষ্মীয়ে “ঈষদ্ধাস্যপাত” কৰিলে। লয়নাই জীৱনৰ প্ৰথম ভাগত হাতী-মাউতৰ বিষয় ভোগ-দখল কৰি তাৰ পিছত ওপৰৰ খাপলৈ উঠি ফান্দী হয়। ফান্দী হৈ খেদা-চিকাৰত তেওঁ অনেক দন্তী ধৰি তেওঁৰ গৰাকীক দিছিল বুলি কিম্বদন্তি আছে। লয়নাই ৫৲ পাঁচ টকা চিকাৰূপ বেতনৰ পৰ৷ আৰম্ভ কৰি পোন্ধৰ টকা ঢুকি পাইছিলগৈ বুলি উজনি অঞ্চলত প্ৰচাৰ।

 ১৮৯১ চনত কমলেশ্বৰ বৰুৱা মুন্‌চুপ লক্ষীমপুৰলৈ বদলি হৈ যায়। তেওঁ যদিও আগৰ গঢ়-গতিৰ মানুহ আছিল, তথাপি বৰ্ত্তমান প্ৰথানুসাৰে ইংৰাজী বিদ্যা শিকাৰ পক্ষপাতী আছিল। সেইদেখি তেওঁ লক্ষীপুৰলৈ গৈয়েই তাত ইংৰাজী স্কুল এটা পাতি