সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
জোন-বিৰি


ওৰফে “গেৰেলা ঢুলীয়া ।” কোষাধ্যক্ষ,— শ্ৰীযুত নিদিওঁৰাম বৰভণ্ডাৰৰ বৰুৱা ৷ বুৰঞ্জী বা উপন্যাস লেখক এই মই।

 বিয়াৰ অন্তত মধুরেণ সমাপয়েৎ কৰি জলপান খাই গুচি অহা হল ।—অৱশ্যে পূৰ্ব্বজন্মত; আৰু কিজানি আশীর্ব্বাদ দিও আহিছিলোঁ “দৰা কন্যাৰ হৰগৌৰী বসতি হওক” বুলি।

 কনকলতা আৰু গগনৰ দাম্পত্য জীৱন নিশ্চয় সুখৰ হৈছিল বুলি অনুমান কৰিছোঁ ; কাৰণ ইহজীৱনতো সিদিনা আমি লক্ষীমপুৰৰ কাছাৰীত চোলধৰা ফুকনৰ ঘৰৰ বীৰুচন্দ্ৰক কেৰাণীৰ মাচিয়াত বহি কলম ধৰা দেখি আহিছোঁ ; ডম্বৰু নিৰ্ব্বংশ হোৱা- হেঁতেন এইটো হোৱ৷ অসম্ভৱ ৷


নাঙলুচন্দ্র দাস

 নাঙলুচন্দ্ৰৰ চিনাকীৰ নিমিত্তে দৰ্কাৰী তিনিটা কথা, —বাপে— কৰ নাম; মাকৰ নাম ; আৰু ঘৰ ; এতেকে সেইবোৰ তলত দিয়া গল :- বাপেকৰ নাম লয়না; মাকৰ নাম দেওবৰী ; আৰু ঘৰ উত্তৰ- লক্ষীমপুৰত। এই ত্রিবেণীৰ সঙ্গমত নাঙলুচন্দ্ৰৰ উদ্ভৱ। লয়না বংশৰ আগৰ ইতিবৃত্তৰ তত্ত্ব লয়না পৰিবাৰৰ গুহা-গহ্বৰত নিহিত আছিল দেখি আগেয়ে আমাৰ জানিবৰ উপায় নাছিল ; সম্প্রতি নাঙ্গলচন্দ্র বৰুৱাই ( আগৰ নাঙল দাসে) সেই গুপ্ত ইতিবৃত্তৰ তত্ত্ব প্ৰকাশ কৰি যি কৈছে, মুঠতে তাৰ সাৰাংশ তলত দিলো :— তেওঁলোকৰ আদি পুৰুষজনৰ নাম আৰ্য্যকুমাৰ ৷ তেওঁ জাতিত বৰ কায়স্থ আছিল। খৃষ্টীয় একাদশ শতাব্দীত তেওঁক কান্যকুব্জৰ