সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
জোন-বিৰি

 পাঠক, এক মূহুৰ্ত্তৰ ভিতৰতে পট পৰিবৰ্ত্তন কৰি দিয়া এই ডেকা বীৰ পুৰুষজন কোন জানা নে? তেওঁ চৌলাধৰা ফুকনৰ কন্যা সেই কনকলতাৰ প্রিয়পাত্র গগনচন্দ্র। আৰু যাৰ মূৰ মুছল- মান সৈনিকৰ তৰোৱালৰ কোবত ধৰাশায়ী হল, তেওঁ কোন জানা নে ? –তেওঁ ডম্বৰুৰ প্ৰিয়, কনকৰ অপ্ৰিয় কেশৱচন্দ্ৰ । আৰু সেই দ্বিতীয় অসমীয়া যোদ্ধাজন, যাক মুছলমান চিপাহীয়ে অস্ত্রা- ঘাত কৰিব খোজোতেই মুছলমান চিপাহীৰ মূৰ গগনৰ দাৰ কোবত উৰি গল, কোন শুনিবা নে ?— তেখেত মহাৰাজ জয়ধ্বজ সিংহ। জন্মধ্বজৰ ভৰি দুটি বৰ পাতল, বৰ চলে ; গতিকে এই দুৰ্ঘটনাত তেওঁ আত্মবিস্মৃত নহৈ উলটি লৰ দিলে। লৰ, লৰ, লৰ, আৰু লৰ!

 এইখিনিতে কোৱা আবশ্যক যে জয়ধ্বজ সিংহৰ পিছে পিছে আলেঙে আলেঙে গগনচন্দ্রই ও হাতত ধনু কাঁড় তৰোৱাল লৈ যুদ্ধ চাবৰ মনেৰে আহিল। বুকুৰ বিত গগন সেই দৰে অহা দেখি, চোৰাং কৰি তেওঁক চাই থাকি নজৰৰ ওপৰত ৰাখিবলৈ বুলি কনকেই তৰবৰীক পিছে পিছে পঠিয়াই দিছিল। তৰবৰী হিচাপী । তাই তাৰ লগতে আৰু এটা কাম কৰাই ভাল ভাবি, ভাত খাবলৈ পুঠিমাছ গোটাচেৰেক ধৰিবৰ মনেৰে জকাই খনো কান্ধত তুলি আনিছিল।

 জয়ধ্বজ উধাতু খাই লৰ দি এখন হোলাত পৰিল গৈ। দৈৱক্ৰমে তৰবৰীয়ে সেই হোলাতে জকাই বাই আছিল। ধুপ্ কৰে পানীত কিবা পৰা শুনি তৰবৰীয়ে এন্ধাৰে-মুধাৰে, কিবা ডাঙৰ মাছ ওলাইছে বুলি জকাইৰে তাতে ছাব মাৰি দিলে ;- মাছ নুঠিল, উঠিল জয়ধ্বজ!