সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
কনকলতা ।

ভৰি দিলেহি। সূৰ্য্য অস্তাচলৰ টিঙত। নবাবে সসৈন্যে পশ্চিম ফালে মুখ কৰিলে আৰু সন্তৰ্পণে আঠুকাঢ়ি আল্লাৰ নাম কৰিলে। কোৱা বাহুল্য যে মীৰজুমলাই যথাসম্ভৱ আৰু যথাবিহিত কোপ্তা-কাবাব আৰু মোগলাই-ৰোষ্ট ভোজন কৰি সেই ৰাতি শয়ন কৰিলে। পিছ দিনা পুৱা হল আৰু মীৰজুলাই গুৱাহাটী এৰি উজাই গল। বাটত চিল্লাগড় আৰু চামধুৰা নামে দুটা অসমীয়া দুৰ্গত মীৰজুলাই উজুটি খাই পৰি দুইটা দখল কৰি থলে। গৰগাঁৱৰ ওচৰত মীৰজুমলাৰ ঘোৰাই হেঁসান পাৰিলে, দঁতালে চিঞৰিলে, চিপাহীয়ে দুপ দুপালে, হিলৈয়ে ধুম্‌ ধুমালে। জয়ধ্বজ সিংহই এইবোৰ শুনি বৰ আমনি পাই, “ আঃ বৰ দিগ কৰিবলৈ লাগিল।” এই বুলি কৈ গৰগাঁও আৰু দুৰ্জ্জনক দূৰতে পৰিহাৰ কৰি, নামৰূপ নামৰ ঠাইলৈ প্ৰস্থান কৰিলে।

 এনে হুলস্থূল গৰগাওঁ চহৰত; আন এবিধৰ হুলস্থূল চোলাধৰা ফুকনৰ ঘৰত। চোলাধৰা ফুকনৰ নাম ডম্বৰুধৰ; অৰ্থাৎ‍ তেওঁ বিষয়ৰ হিচাপত দিঠকত ৰজাৰ চোলা ধৰে, আৰু নামৰ হিচাপত সপোনত হৰৰ ডম্বৰু ধৰে। তেওঁৰ জীয়েকৰ নাম কনক- লতা; জোঁৱাই পদৰ উমেদাৰ জনৰ নাম কেশৱচন্দ্ৰ। কুমাৰী কনকলতাৰ মনৰ মানুহ কিন্তু গগনচন্দ্ৰহে। কেশৱচন্দ্ৰৰ উপাধি বৰুৱা; গগনচন্দ্ৰৰ উপাধি অজ্ঞাত। —সম্ভৱতঃ শ‍ইকীয়াই কি হাজৰিকাই কিবা এটা; অপাৰগ পক্ষত বৰা নহৈ নাসাৰে।

 চোলাধৰা ফুকনৰ ঘৰ গৰগাঁৱতে। ৰজা জয়ধ্বজ সিংহ আৰু ৰাইজৰ লগতে তেৱোঁ চকু মুদি নবাবৰ আগমন দেখি, গৰগাঁৱৰ পৰা বহিৰ্গমন কৰিলে।