সমললৈ যাওক

পৃষ্ঠা:জোন-বিৰি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
জোন-বিৰি


কনকলতা

(ঐতিহাসিক উপন্যাস )

 তেতিয়া আসামৰ ৰাজপাটত জয়ধ্বজ সিংহ ; দিল্লীৰ ৰাজ- পাটত আউৰংজেৰ; পুৰন্দৰ-দুৰ্গত শিবজী; পুৰন্দৰৰ স্বৰ্গত শিবজীৰ “বাবাজী”; ইংলেণ্ডৰ "থ্ৰণত” চাৰ্লচ দ্বিতীয়; হলেণ্ডৰ থ্ৰণত উইলিয়েম তৃতীয়; ৰোমৰ বেদীত পোপ পায়চ; আউনী- আটীৰ গাদিত দেৱ নিৰঞ্জন; পিকিন নান্ কিনত কোন আছিল নাজানো ; কিন্তু তিব্বতত হলে তিব্বত এতিয়া যেনেকৈ আছে তেতিয়াও তেনেকৈয়ে আছিল নিশ্চয় ।

 দিল্লীশ্বৰ আউৰংজেবৰ দুৰ্দ্ধৰ্ষ সেনাপতি বঙ্গৰ নবাব মিৰ- জুমলাই আসাম আক্রমণ কৰিবৰ অভিপ্ৰায় কৰি যুদ্ধযাত্ৰা কৰি আহিল। দুর্গম পথ। গহন বন। বনৰীয়া জন্তুৰে পৰিপূৰ্ণ অটব্য অৰণ্য। কিন্তু মহাবীৰ মিৰজুমলাৰ গতিৰোধ কৰে কিহে? ডাঠ হাবি তহিলং কৰি, বৰটাৰ পাতেৰে গা কাটি, নল খাগৰি ভৰিৰে গচকি জোল কৰি লাহে লাহে বাটকুৰি বাই, দিনটোত পাঁচ- ছয় মাইলকৈ আহি মিৰিজুম্ লাই যেতিয়া বীৰদৰ্পেৰে গুৱালপাৰত উপস্থিত হলহি, তেতিয়া আসাম ৰজাৰ অসমীয়া সৈন্যই অৱজ্ঞা- ভাৱেৰে যৱনক যুদ্ধ নিদি বাট এৰি দিলে। অসমীয়াৰ হাতত মোগল সৈন্যৰ এই প্রথম ঘাট। মোগল সৈন্যই অপমানিত আৰু লাঞ্ছিত হৈ “বিমনমুখে অধোবদনে” ভৰিৰ দহো আঙ্গুলি ঘনে ঘনে লেখি, মহাবাহু ব্রহ্মপুত্ৰৰ পাৰে পাৰে বাহুদমফি লাহে লাহে এপথে আহি, বেলি পৰোঁ পৰোঁ হোৱা সময়ত গুৱাহাটী নগৰত